দুধনৈ মহাবিদ্যালয়ত সংস্কৃতিৰ পৰিসৰ আৰু বিশ্বজনীনতা শীৰ্ষক বক্তৃতানুষ্ঠান।
আজিৰ খবৰ, গোৱালপাৰা, ১৯ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান দুধনৈ মহাবিদ্যালয়ত নৃতত্ব আৰু অসমীয়া বিভাগৰ উদ্যোগত “সংস্কৃতিৰ পৰিসৰ আৰু বিশ্বজনীনতা” বিষয়ক লৈ এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত চন্দ্ৰ ৰাভাই। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা চুইটি বৰাই আঁত ধৰা বক্তৃতানুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট প্ৰবন্ধকাৰ,গীতিকাৰ তথা শিক্ষাবিদ অধ্যাপক বিৰিঞ্চি কুমাৰ মেধিয়ে মহাবিদ্যালয়ৰ শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত বিষয়ৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। আনহাতে উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক হৰগোবিন্দ ডেকাই অধ্যাপক বিৰিঞ্চি কুমাৰ মেধি ৰচিত কেইবাটিও গীত পৰিবেশনেৰে সকলোকে আপ্লুত কৰি তোলে। সভাৰ শেষত অসমীয়া বিভাগৰ অধ্যাপিকা ফেঞ্চী চুতীয়াই শলাগৰ শৰাই আগবঢ়াই বক্তৃতানুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।