শমিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব অসমীয়া চলচ্চিত্ৰ ‘ডেউকা’ (ৱাকিং ইন দা এয়াৰ)।
আজিৰ খবৰ, গুৱাহাটী, ১৯ ডিচেম্বৰ : শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ইমেইজিং মিডিয়াৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে চলচ্চিত্ৰখনৰ পৰিচালক ড০ ববী শৰ্মা বৰুৱাই। তেওঁ লগতে কয় ‘ ২০২২ চনত চলচ্চিত্ৰ খনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব। ‘ডেউকা’ চলচ্চিত্ৰ খন ২০২২ চনৰ শেষৰ ফালে ছবি গৃহত মুক্তি লাভ কৰিব ।ছবি খনৰ পৰা লাভ কৰা ধনৰ কিছু অংশ শমিষ্ঠাৰ প্ৰীতমৰ চিকিৎসাৰ বাবে দিয়া হ’ব ।’
সংবাদ মেলত চলচিত্ৰ খনৰ প্ৰযোজক বসন্ত কুমাৰ বৰুৱা, লেখিকা শমিষ্ঠা প্ৰীতম, অভিনেতা অৰুণ নাথ , অভিনেত্ৰী বীণা পতংগীয়া, সুলক্ষণা বৰুৱা, জোষ্ঠ সাংবাদিক নিতুমনি শইকীয়া উপস্থিত থাকে।