Your Voice, Our Strength

বিয়া ন’হল কিন্তু চিনেমা হ’ব।

পুনৰ ছলমান খানৰ সৈতে Tiger 3ৰ ছুটিঙৰ বাবে সাজু সদ্য বিবাহিত কেটৰিনা কাইফ।

🔘বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফক ছলমান খানৰ সৈতে পুনৰ দেখা যাব টাইগাৰ-3ত।Tiger 3ৰ ছুটিঙৰ বাবে সাজু হৈছে সদ্য বিবাহিত কেটৰিনা কাইফ।

 

🔘এক থা টাইগাৰ আৰু টাইগাৰ জিন্দা হেইৰ পিছত এইখন টাইগাৰ ছিৰিজৰ তৃতীয়খন ছবি হ’ব।ইতিমধ্যে মুম্বাইৰ লগতে অষ্ট্ৰীয়া, ৰাছিয়া আৰু তুৰ্কীৰ বিভিন্ন লোকেচনত ছবিখনৰ বহুখিনি ছুটিং হৈছে।

 

P&C

🔘ছবিখনত ছলমানক টাইগাৰ, শ্বাহৰুখ খানক পাঠান আৰু হৃত্বিক ৰোশনক কবীৰৰ চৰিত্ৰত দেখা যাব।

 

🔘অতি সোনকালে ছুটিঙৰ বাবে দিল্লীলৈ উৰা মাৰিব কেটৰিনা কাইফ আৰু ছলমান খান। দিল্লীত প্ৰায় ১৫ দিনৰ ছুটিং কৰিব কেটৰিনা আৰু ছলমানে।

 

🔘ছবিখনৰ একচন আৰু শিহৰণকাৰী ছুটিঙৰ বাবে কেটৰিনা আৰু ছলমান খানে নিজৰ ফিটনেছক লৈ অতি সাৱধানতা অৱলম্বন কৰিছিল।

 

🔘Tiger 3ক বলীউডৰ আটাইতকৈ ব্যয়বহুল একচন ছবি হিচাপে অভিহিত কৰা হৈছে।

You might also like