Your Voice, Our Strength

বাংলাদেশ মুক্তি সংগ্ৰামৰ ৫০ বছৰীয়া বর্ষ পূৰ্তিত গুৱাহাটীত বি এছ এফৰ সাংস্কৃতিক অনুষ্ঠান , প্ৰদৰ্শনী।

আজিৰ খবৰ, গুৱাহাটী, ২১ ডিচেম্বৰ : ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰাম আৰু ভাৰত – পাকিস্তান যুদ্ধ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে সীমান্ত নিৰাপত্তা বাহিনীয়ে ( বি এছ এফ ) আজি সন্ধিয়া গুৱাহাটীৰ মাছখোৱাস্থিত লাচিত ঘাটত এক বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে । অনুষ্ঠানটো মুকলি কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলটে । অনুষ্ঠানত উপ মহা পৰিদৰ্শক জে কে ৰুদোলাকে ধৰি বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কেবাজনো বিষয়া – বহুসংখ্যক জোৱান , তেওঁলোকৰ পৰিয়ালৰ লোক আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে । আনহাতে অনুষ্ঠানত বাহিনীটোৰ কেবাজনো বিষয়া আৰু জোৱানে দেশপ্ৰেম মূলক সংগীত পৰিবেশন কৰে । তেনেদৰে বাহিনীটোৰ জাজবেণ্ড হিচাপে পৰিচিত দলটোৱে যন্ত্ৰসংগীতৰ মাধ্যমৰে সুৰৰ মূৰ্ছনাৰে সকলোকে আপ্লুত কৰে । তেনেদৰে তিনিখন বিশেষ বাহনত অনুষ্ঠিত প্ৰদৰ্শনীত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত দেশখনৰ মুক্তি বাহিনীক ভাৰতীয় সেনা আৰু বি এছ এফে কিদৰে স্বাধীনতা সংগ্ৰামত সহায় কৰিছিল তাক সুন্দৰকৈ প্ৰদৰ্শন কৰা হয় ।

P&C
You might also like