Your Voice, Our Strength

প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ উদ্যোগত আন্তঃ মণ্ডল এক মিনিটৰ ড্ৰীল , দক্ষতা প্ৰতিযোগিতা আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী, ২৩ ডিচেম্বৰ : ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ উদ্যোগত আজিৰে পৰা মিৰ্জাৰ জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট ) চৌহদত আৰম্ভ হৈছে আন্তঃ মণ্ডল এক মিনিট ড্ৰীল , দক্ষতা প্ৰতিযোগিতা । প্ৰতিযোগিতাত দেশৰ চাৰিটা মণ্ডলৰ মুঠ ৮৮ জন প্ৰতিযোগিয়ে ভাগ লৈছে । আনহাতে প্ৰতিযোগিতাখন উদ্ধোধন কৰে প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে । চমু অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্টদ্বয় অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰ , সহকাৰী কমাণ্ডেণ্ট সঞ্জীৱ কুমাৰ সিঙকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে ২৪ ডিচেম্বৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত মূলত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগ সংঘটিত হলে সকলো বাধা নেওচিও এক মিনিটৰ ভিতৰত পেশাদাৰী দক্ষতাৰে কেনেদৰে আবদ্ধ , আক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাক প্ৰদৰ্শন কৰা ।

You might also like