Your Voice, Our Strength

ৰাজধানী এক্সপ্ৰেছৰ পৰা ৩৮ লাখ টকা মূল্যৰ সোণ জব্দ, এজনক গ্ৰেপ্তাৰ।

আজিৰ খবৰ, গুৱাহাটী, ২৩ ডিচেম্বৰ : পশ্চিমবঙ্গৰ নিউ জলপাইগুৰিত ২১ ডিচেম্বৰত ৰাজধানী এক্সপ্ৰেছৰ পৰা চাৰিখন সোণৰ বিস্কুটসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰাপ্ত খবৰ মতে ২০ ডিচেম্বৰত নিশা ১২৪২৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা কৰিছিল । ২১ ডিচেম্বৰত বিয়লি এক বজাত নিউ জলপাইগুৰি ৰেল ষ্টেচনত ৰখোৱাৰ পাছত আৰ পি এফে ৰেলখনত এক নং ডবাৰ এক নং আসনত থকা যাত্ৰীজনক সন্দেহবশত তালাচী চলোৱাত ৮০০.৭০ গ্ৰাম ওজনৰ চাৰিখন সোণৰ বিস্কুট কৌশলৰে অনা অৱস্থাত জব্দ কৰে । জব্দ কৰা সোণৰ বিস্কুটখিনীৰ মূল্য প্ৰায় ৩৮ লাখ টকা হব । আনহাতে ধৃত লোকজনক মণিপুৰৰ ইম্ফলৰ মাইবাম লেইকোৰ কে ৰনবীৰ মেইতেই বুলি চিনাক্ত কৰা হৈছে ।

You might also like