Your Voice, Our Strength

ৰাজপথত নিজৰ সুঠাম শৰীৰ প্ৰদৰ্শন কৰি পথ সজাগতাৰ অভিনৱ আহ্বান বিশিষ্ট শৰীৰ চৰ্চাবিদৰ।

মহানগৰীত জিলা পৰিবহণ বিভাগৰ পথ-সুৰক্ষা অনুষ্ঠান।

আজিৰ খবৰ, গুৱাহাটী, ২৩ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত যাতে পথ-দুৰ্ঘটনাত এজন লোকৰো প্ৰাণ হানি নহয় তাৰ বাবে জনোৱা আহ্বানলৈ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আজি ৰাজপথত নিজৰ সুঠাম শৰীৰ প্ৰদৰ্শন কৰি এচাম ক্ৰীড়াবিদে পথ-সজাগতাৰ বাবে সকলো শ্ৰেণীৰ লোকলৈ জনোৱা ব্যতিক্ৰম আহ্বানে আজি সকলোকে আকৰ্ষণ কৰে ৷ উল্লেখ্য যে এইবাৰ ৩১ ডিচেম্বৰত এটাও পথ দুৰ্ঘটনা সংঘটিত হবলৈ নিদিও বুলি মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানে ৰাজ্যৰ পৰিবহণ বিভাগকে ধৰি পথ সুৰক্ষাৰ লগত জড়িত অন্যান্য বিভাগসমূহক একত্ৰিতভাৱে জনসচেতনতা সৃষ্টিৰ বাবে ৰাজপথত নামি হাতে কামে নিজৰ কামত লাগি যোৱাত উদ্বুদ্ধ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীৰ সময়োচিত আৰু গুৰুত্বপূৰ্ণ আহ্বানত সক্ৰিয় হৈ ইতিমধ্যেই ভাগে ভাগে সজাগতা অনুষ্ঠান আয়োজন কৰি জনসাধাৰণৰ মাজত ব্যাপক সচেতনতা সৃষ্টি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত আজি মহানগৰীৰ এবিচিত অনুষ্ঠিত পথ সজাগতা অনুষ্ঠানটিত পোনতেই পৰিবহণ বিষয়াগৰাকীয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ প্ৰতি অতি বিনয়েৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ আহ্বানৰ মহত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যবাসীৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ সমস্যা বুলি অনুধাৱন কৰি তাৰ ক্ষীপ্ৰ সমাধানত মনোনিৱেশ কৰাৰ লগতে ৰাজ্যবাসীক এটা আপোন পৰিয়ালৰ দৰে হৃদয়ঙ্গম কৰা বাবেই অতি আন্তৰিকতাৰে পথ সুৰক্ষাৰ আহ্বান জনাইছে। কিয়নো ৩১ ডিচেম্বৰৰ উৎসৱৰ আনন্দত একাংশ যানবাহন ব্যৱহাৰকাৰীয়ে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাত যোৱা দিনবিলাকত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুতেই অকাল মৃত্যুক সাৱতি লবলগীয়া হয় ৷ সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আহ্বানৰ গুৰুত্ব উপলব্ধি কৰি পথ সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সচেতন হ’বলৈ কৰযোৰে প্ৰাৰ্থনা জনায়। বিশিষ্ট সাংবাদিক তথা “ দি এ নিউজ” প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কয় যে ভাৰতবৰ্ষত প্ৰতিবছৰে ডেৰ লাখৰো অধিক লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। তদুপৰি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষতে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ সৰ্বাধিক ৷ অসমতো বছৰি মৃত্যু হোৱা লোকৰ এটি সংক্ষিপ্ত পৰিসংখ্যা ডাঙি ধৰাৰ লগতে এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ দুৰ্ঘটনামুক্ত ৩১ ডিচেম্বৰৰ আহ্বান আচলতে এইসময়ৰ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি সকলো লোককে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷ অনুষ্ঠানৰ আৰম্ভণিতেই ৰাজ্যত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰা সজাগতা অনুষ্ঠানটিত অসম অলিম্পিক সন্থাৰ উপসভাপতি ভৱজ্যোতি গোস্বামীয়ে দুচকীয়া বাহনৰ চালক আৰু যাত্ৰী উভয়কে হেলমেট পৰিধানৰ বাবে আহ্বান জনোৱাৰ লগতে এই কাৰ্য কেৱল আৰক্ষীৰ পৰা হাত সাৰিবলৈকেযে নহয়, নিজৰ শৰীৰ আৰু জীৱন ৰক্ষাৰ বাবেহে সেয়া আন্তৰিকতাৰে লবলৈ অনুৰোধ জনায়। সজাগতা অনুষ্ঠানটিত উপষ্ঠিত থাকি প্ৰাক্তন পৰিবহণ বিষয়া দীপক দাসৰ লগতে কেইবাগৰাকীও আই-মাতৃয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ অগ্ৰজ আৰু অনুজ সকলোৰে প্ৰতি পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলাৰ বাবে সকলোকে আহ্বান জনায়। ইফালে গোটেই আনুষ্ঠানটিতে শিল্পী দীনেশ দাসে ভূপনদাৰ কন্ঠৰ কেইবাটাও গীত পৰিবেশন কৰি যানবাহন ব্যৱহাৰিসকলক যানবাহন আইন মানি চলাৰ বাবে উদ্বুদ্ধ কৰে ৷

P&C
You might also like