Your Voice, Our Strength

দিছপুৰ প্ৰেছ ক্লাৱত অৰুণ কুমাৰ শৰ্মাৰ দুখন অনুদিত গ্রন্থ উন্মোচন।

হো চি মিনৰ 'কাৰাগাৰৰ দিনলিপি' আৰু দেশী-বিদেশী কবিতাৰ অনুদিত সম্ভাৰ উন্মোচন।

আজিৰ খবৰ, গুৱাহাটী, ২৫ ডিচেম্বৰ : দিছপুৰ প্ৰেছ ক্লাবত শনিবাৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত দুখনকৈ অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয়। লেখক অৰুণ কুমাৰ শৰ্মাই অসমীয়া অনুবাদ কৰা ‘দেশী-বিদেশী কবিতাৰ অনুদিত সম্ভাৰ’ আৰু ভিয়েটনামৰ অবিসম্বাদী নেতা হো চি মিনৰ ‘Prison Diary’ ৰ অনুবাদ ‘কাৰাগাৰৰ দিনলিপি’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে প্রগতিশীল কবি শংকৰ শইকীয়া আৰু লেখক ডাঃ ভগৱান দেৱ মিশ্রই। লেখকৰ দেশী-বিদেশী কবিতাৰ অনুদিত সম্ভাৰ, উন্মোচন কৰি প্রগতিশীল কবি শংকৰ শইকীয়াই কয়, “অসমীয়া জাতিৰ আন এক জটিল সন্ধিক্ষমত আমি উপস্থিত হৈছোঁ। অসমীয়া ভাষা আমাৰ পৰা হেৰাই যাব যেন অনুমান হৈছে। এতিয়া ইংৰাজী ভাষা লাগী আৰু অসমীয়া ভাষা এলাগী হৈ পৰিছে। এই খিনি সময়ত লেখকে অসমীয়া ভাষাত গ্ৰন্থ ৰচনা কৰি প্ৰশংসণীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ কবিতাবোৰ জনমুখী। এই সময়ত সাহিত্যিকৰ ৰাজনীতিকৰ দায়িত্ব আছে। নিজৰ জাতিৰ প্ৰতি সকলোৱে দায়বদ্ধ হ’ব লাগিব। অসমীয়া ভাষা, জাতি ৰক্ষাৰ বাবে সকলো সাহসী হওঁক।”

 

আনহাতে কাৰাগাৰৰ দিনলিপি’ উন্মোচন কৰি চিকিৎসক ডাঃ ভগবান দেৱ মিশ্ৰই কয়, “প্ৰতিজন মানুহে একো একোজন কবি। কবিতা এটা সামগ্ৰিক কলা। অনুবাদ সাহিত্যই সাংস্কৃতিক ঐতিহ্যৰ সৃষ্টি কৰে।’ দুখনকৈ অনুবাদ গ্রন্থ পাঠকৰ হাতত তুলি দিয়া ইমন প্রকাশনক ধন্যবাদ জনালোঁ।”

 

P&C

অনুষ্ঠানত উপস্থিত থাকে চিলচ্চিত্র প্রযোজক অজিত কুমাৰ বৰ্মন, সমাজকৰ্মী কনকলতা ডেকা আৰু গীতা পেগু। সভাত লেখকে গ্ৰন্থ দুখনৰ আঁৰৰ কথা কয়।

You might also like