Your Voice, Our Strength

যাত্ৰীৰ পৰা গুৱাহাটীত অধিক ভাড়া আদায় কৰা ২৫ খন মেজিক জব্দ কৰিলে পৰিবহণ কৰিলে।

আজিৰ খবৰ, গুৱাহাটী, ২৬ ডিচেম্বৰ : পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে শেহতীয়াকৈ জিলা পৰিবহণ বিষয়া সকলক যাত্ৰীৰ পৰা যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় কৰা যিকোনো যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই বিগত দিনকেইটাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গুৱাহাটীৰ ৰাজপথত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে ধাৰাবাহিকভাবে অভিযান চলায় আছে । আনহাতে অইন দিনাৰ দৰে আজিও পৰিবহণ বিভাগে গুৱাহাটীৰ কেবাটাও ৰাজপথত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় মেট্ৰো শ্বেয়াৰ টেক্সি বা মেজিকৰ বিৰুদ্ধে এক অভিযান চলায় । অভিযানকালত খানাপাৰা , নুনমাটি , চানমাৰী আৰু গণেশগুৰীত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় লোৱা ২৫ খন মেজিক ধৰা পেলাই জব্দ কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবৰ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰি যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় কৰা যিকোনো যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে এই অভিযান চলি থাকিব ।

You might also like