Your Voice, Our Strength

ৰাণীত চি আৰ পি এফৰ আন্তঃ বেটেলিয়ান ভলীবল প্ৰতিযোগিতাত ১০ বেটেলিয়ান বিজয়ী।

আজিৰ খবৰ, গুৱাহাটী, ২৬ ডিচেম্বৰ : চিচি আৰ পি এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কাৰ্যালয় চৌহদত ২৩ ডিচেম্বৰৰ অনুষ্ঠিত আন্তঃ বেটেলিয়ান ভলীবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে । প্ৰতিযোগিতাত শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অধীনৰ মুঠ ১৩ টা বেটেলিয়ানে ভাগ লয় । আনহাতে নক আউট পদ্ধতিত আয়োজিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি ১০ আৰু ১৩৬ বেটেলিয়ানৰ মাজত অনুষ্ঠিত হয় । খেলখনত ১০ বেটেলিয়ানে ১৩৬ বেটেলিয়ানক হৰুৱাই চূড়ান্ত বিজয়ী দলৰ খিতাপ দখল কৰে । আনহাতে প্ৰতিযোগিতাৰ অন্তত বিজয়ী আৰু ৰানাৰ্ছ আপ দলক বঁটা সমূহ প্ৰদান কৰে ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই । অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিম , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , সহকাৰী কমাণ্ডেণ্ট হিমাঞ্চল প্ৰসাদ চৌধুৰীকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে ।

You might also like