Your Voice, Our Strength

দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ’ল,কিন্তু আজিও স্বতন্ত্র নহ’ল।

সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত সাম্প্রতিক সময়ত বিদ্বৎসমাজৰ ভূমিকা শীর্ষক আলোচনা চক্রত বশিষ্ঠ বুজৰবৰুৱা।

আজিৰ খবৰ, গুৱাহাটী, ২৬ ডিচেম্বৰ : দেশ ১৯৪৭চনত স্বাধীন হ’ল কিন্তু স্বতন্ত্র নহ’ল। স্বাধীনতাৰ পৰা স্বতন্ত্রতালৈ অগ্ৰসৰ হ’ব লাগে আজিৰ প্ৰজন্ম। আজিৰ পৰা যদি স্বতন্ত্র হোৱাৰ যাত্রা আৰম্ভ কৰো দেশ স্বাধীনতাৰ ১০০ বচৰপূৰ্তিত দেশ বিশ্ব গুৰুহ’ব। এই ভাষ্য আৰ এছ এছৰ অসম ক্ষেত্রৰ ক্ষেত্র সহ:প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ।

সাম্প্রতিক সময়ত বিদ্বৎসমাজৰ ভূমিকা শীর্ষক আলোচনা চক্রত মুখ্য অতিথিৰূপে ভাগ লৈ তেওঁ আৰু কয়-দেশৰ মূল সমস্যা নিবনুৱা সমস্যা। দেশত নিবনুৱা শিক্ষিতৰ মাজত, অশিক্ষিতৰ মাজত নহয়। ইয়াৰ অৰ্থ আমাৰ শিক্ষা ব্যবস্থাত কেৰোণ।মাতৃভাষাত কথা ক’বলৈ পৰিহাৰ কৰি ইংৰাজী ভাষাত কথা কৈ গৌৰৱ কৰাসকল গোলামী মানসিকতাৰ লোক। নতুন প্রজন্ম যাতে সঠিক দিশত আগবাঢ়ি যায় তাৰবাবে বিদ্বৎসমাজে শিক্ষা দিব লাগিব।বৃটিছে দেশৰ সকলো ব্যবস্থা ধ্বংস কৰি দিছিল। জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ পৃথক হ’ব নোৱাৰে। প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ বিকাশ নহ’লে অসমৰ প্ৰকৃত বিকাশ হ’ব নোৱাৰে। অসমৰ এটা জনগোষ্ঠীৰ লোকৰ ছাত্রই অসমীয়া ক’ব নোৱাৰে।এই ধাৰা অব্যাহত থাকিলে এসময়ত অসমৰ সংযোগী ভাষা হ’ব ইংৰাজী। বড়োসকলে ৰাভা ভাষা-সংস্কৃতি, ৰাভা সকলৰ ভাষা সংস্কৃতি শিকিব লাগিব। নতুন প্ৰজন্মক সঠিক পথ দেখুৱাব লাগিব।১৯৮৫চনত দেখুৱাই দিলে আঞ্চলিক শক্তি কিমান। কিন্তু পাছত বিশ্বাসঘাটকতা কৰিলে।অনুষ্ঠানত আলোচনা চক্রৰ উদ্দেশ্য আৰু দৃষ্টি ভংগী দাঙি ধৰি প্ৰবীণ সাংবাদিক

P&C

কনক সেন ডেকাই কয়-

যিখন দেশৰ যুবক যুবতীয়ে কৰ্ম সংস্থাপন বিচাৰি আন দেশলৈ যাব নালাগে সেইখন দেশেই উন্নত। সম্প্ৰতি ভাৰতত যে এখন চৰকাৰ এখনৰ অস্তিত্ব নাই। দেশৰ পৰিকল্পনা ভষ্মিভূত হৈ গৈছে। দেশৰ অৱস্থা আৰু শোচনীয় হ’ব। সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব। জনগনৰ মাজত স্বাভিমান জগাই তুলিব নোৱাৰিলে দেশৰ বিকাশ অসম্ভব। অসমত বাস কৰা সকলো লোকেই বহিৰাগত। কোনোবা দুদিন আগত, কোনোবা দুদিন পাছত। ৰছিদ বহীৰে দেশৰ বিকাশ নহয়। দেশৰ ৰাষ্ট্ৰীয় সংগীতত উত্তৰ পূৰ্বাঞ্চলৰ কিবা প্ৰসংগ অন্তর্ভুক্ত হ’ব লাগে। যিসকলে অসমত জীন যাব খোজে সেইকলক বিদেশী বুলি গণ্য কৰিব লাগে।ছয় নম্বৰ দফাৰ প্ৰসংগ অবাস্তব।অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে বিশিষ্ট শিক্ষাবিদ ড:দয়ানন্দ পাঠকে।তেওঁ কয়- দেশত নতুন শিক্ষা নীতি কেতিয়াবাই আহিব লাগিছিল। সংস্থাপন নহ’লে শিক্ষাৰ প্ৰতি অনাস্থা আহিব। অসমৰ ভুমি হ্ৰাস হৈ আহিছে। ইয়াৰ কাৰণ ভিন্ন।অনুষ্ঠানত ভাগ লৈ সচেতন নাগৰিক মঞ্চৰ উপদেষ্টা অৱসৰ প্ৰাপ্ত অাৰক্ষী সঞ্চালক পল্লব ভট্টাচার্যই কয়-অসম আৰক্ষীত সংখ্যা যঠেষ্ট কম। আন্ত:ৰাজ্যিক

সীমান্তত সীমা সঠিক ভাবে নকৰা বাবে অসমৰ সীমা সমস্যা জটিল হৈ পৰিছে৷ কেন্দ্রীয় চৰকাৰৰ এইক্ষেত্ৰত কৰণীয় বহুত।

কৃষি ভূমি অনাকৃষি কামৰ বাবে বিক্রি কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে। গোপীনাথ বৰদলৈয়ে বহু কষ্ট কৰি ভূমি নীতি প্ৰস্তুত কৰিছিল। এই নীতি পুনৰ কাৰ্যকৰী হ’ব লাগে।১৯৭১চনৰ আগত অহা সকলো অসমীয়া। প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ পদক্ষেপ ল’ব লাগে। স্কীল ডেভেলপমেন্ট সঠিক হোৱা নাই।অসম লোক সেৱা আয়োগৰ প্ৰশ্ন প্ৰস্তুত কৰাৰ সময়ত অগ্ৰাধিকাৰ দিব লাগে। এপিএছছিৰ বহী পৰীক্ষন ব্যৱস্থাত আন্তৰিক ভাবে জৰিত হ’ব লাগে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় মঞ্চৰ সভাপতি চন্দন ভট্টাচার্যই।

You might also like