Your Voice, Our Strength

ৰাজধানী সাহিত্য তীৰ্থৰ উদ্যোগত কবি নলিনী বালা দেৱীক সোঁৱৰণ।

আজিৰ খবৰ, গুৱাহাটী, ২৭ ডিচেম্বৰ : কবি নলিনী বালা দেৱীৰ ৪৫ সংখ্যক পূণ্যতিথিত মহান কবি গৰাকীক সোঁৱৰণ কৰা উপলক্ষে ৰাজধানী সাহিত্য তীৰ্থৰ উদ্যোগত তীৰ্থৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আবকাৰী বিষয়া সতীশ ওজাৰ আহ্বান মৰ্মে তেওঁৰ গুৱাহাটীৰ নলিনী বালা দেৱী পথৰ সুন্দৰপুৰস্থিত বাসগৃহত আজি বিয়লি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । ৰাজধানী সাহিত্য তীৰ্থৰ সম্পাদক হেমেন কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে তীৰ্থৰ সভাপতি কিশোৰী মোহন পাঠকে । সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক অমূল্য বৰ্মন , ফণীন্দ্র নাথ বৰ্মন , কাবেৰী দাস , অতুল শৰ্মা , লীনুমা হাজৰিকা , বলভদ্ৰ নাথ , কমল বৰুৱা , সতীশ ওজাকে ধৰি কেবাজনেও নলিনী বালা দেৱীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অসমীয়া সাহিত্যত কিদৰে তেওঁ এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল তাৰ ওপৰত আলোকপাত কৰে ।

You might also like