Your Voice, Our Strength

প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা দীপক বোহৰাৰ গুৱাহাটীৰ কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰখানা চৌহদ – কাৰ্যালয় পৰিদৰ্শন।

আজিৰ খবৰ, গুৱাহাটী, ২৭ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপদেষ্টা দীপক বোহৰাই ২৪ ডিচেম্বৰত থলুৱা প্ৰযুক্তিৰে বেটেৰীচালিত ই – ৰিক্সা নিৰ্মাণ কৰা গুৱাহাটীৰ ধাৰাপুৰস্থিত কুমাৰ ইঞ্জিনিয়াৰিঙ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ কাৰখানা চৌহদ পৰিদৰ্শন কৰে । কাৰখানা চৌহদত বিশেষ উপদেষ্টা গৰাকীক আদৰণি জনাই কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ কুমাৰ গৌৰৱে । কাৰখানা চৌহদত বিশেষ উপদেষ্টা দীপক বোহৰাই ” আত্মনিৰ্ভৰ ভাৰত” আচঁনিত অনুপ্ৰাণিত হৈ সুলভ মূল্যত গুণগত মানদণ্ডৰ ই ৰিক্সা নিৰ্মাণ কৰি গ্ৰাহকক যোগান ধৰা বাবে কুমাৰ ইঞ্জিনিয়াৰিঙৰ শলাগ লয় । তেওঁ কুমাৰ গৌৰৱৰ সৈতে কাৰখানা চৌহদত ই ৰিক্সাত কিছু সময় চফৰ কৰে । তাৰ পাছত তেওঁ কুমাৰ গৌৰৱৰ সৈতে তাৰ পৰা প্ৰায় চাৰি কিঃমিঃ নিলগৰ গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত থকা কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰ্যালয় আৰু শ্ব – ৰুম পৰিদৰ্শন কৰে । তাত উপস্থিত কৰ্মচাৰী সকলৰ সৈতেও বিশেষ উপদেষ্টা গৰাকীয়ে মত বিনিময় কৰে ।

You might also like