Your Voice, Our Strength

গুৱাহাটীত তিনিদিনত ৪০ জন সুৰাপায়ী চালকক আটক কৰিলে পৰিবহণ বিভাগে।

আজিৰ খবৰ, গুৱাহাটী , ২৭ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তক নববর্ষক আদৰাৰ নামত ৩১ ডিচেম্বৰত সুৰাপান কৰি বাহন চলাই দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে সকলো পক্ষকে আহ্বান জনায় আহিছে । সমান্তৰালভাৱে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে সকলোকে হাতে কামে নামি পৰিবলৈও অনুৰোধ জনাই আহিছে । একে সময়তে মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰাৰ লগতে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি আৰক্ষী আৰু পৰিবহণ বিভাগে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিনে নিশাই সুৰাপান কৰা , অনিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱাকে ধৰি আইন উলংঘাকাৰী চালক সকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে । পৰিবহণ বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি আজি পৰ্যন্ত বিগত তিনিদিনত কেৱল গুৱাহাটী মহানগৰীত নিশাৰ ভাগত বিভিন্ন ৰাজপথত অভিযান চলাই কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( প্ৰৱৰ্তক ) কার্যালয়ে অধিক মাত্ৰাত সুৰাপান কৰি নিচাসক্ত হৈ বাহন চলোৱা ৪০ জন চালকক ব্রেথ এনলাইজাৰৰ সহায়ত ধৰা পেলাই আটক কৰিবলৈ সক্ষম হৈছে । পাছত সুৰাপায়ী চালক সকলক নিশাই স্থানীয় আৰক্ষী থানাত গতাই দিয়া হয় । অভিযানৰ নেতৃত্ব দিয়া জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে সম্প্ৰতি চালক সকলৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ তিনিমাহৰ বাবে নিলম্বন কৰা হৈছে । তেনেদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আইন অমান্যকাৰী চালক সকলৰ বিৰুদ্ধে অহা ৩১ ডিচেম্বৰলৈ দিনে নিশাই ধাৰাবাহিকভাবে অভিযান চলি থাকিব বুলি জিলা পৰিবহণ বিষয়াজনে সদৰি কৰিছে ।

You might also like