Your Voice, Our Strength

C&AC নিউজ নৰ্থ ইষ্টৰ পৰ্টেলৰ উদ্যোগত নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ পঞ্চম বাৰ্ষিক অধিবেশন সম্পন্ন ।

আজিৰ খবৰ, গুৱাহাটী, ৩০ ডিচেম্বৰ : অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ এটা বিশেষ সন্থা হৈছে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা । ২০১৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে জন্মলাভ কৰা এই সন্থাই আজি পাঁচটা বছৰ অতিক্ৰম কৰি ছয়টা বছৰত ভৰি দিছে । আজি নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ পঞ্চম বাৰ্ষিক অধিবেশনখনি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ অসম সাহিত্য সভা ভৱনৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । উক্ত অধিবেশনখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাসাংবাদিকৰ লগতে জেষ্ঠ আৰক্ষী বিষয়া মুকুল শইকীয়া, আমাৰ প্ৰণাম কাকতৰ সম্পাদক দেৱজিত চৰকাৰ,প্ৰাত: খবৰৰ সম্পাদক প্ৰমোদ সিং আৰু দূৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈ । এই অধিবেশনতে সাংবাদিকজগতৰ লগত জড়িত ব্যক্তিৰ লগত বিভিন্নক্ষেত্ৰৰ লগত জড়িত সৰ্বমুঠ ১৫জন ব্যক্তিক ফুলাম গামোচা, চেলেংচাডৰ জাপিৰে সম্বৰ্ধনা জনোৱা লগতে একোটিকৈ বঁটা প্ৰেৰণ কৰে ।

You might also like