Your Voice, Our Strength

জুনিয়ৰ ৰাষ্ট্ৰীয় ৰোলবলত ব্ৰঞ্জৰ পদক জয় অসমৰ।

আজিৰ খবৰ, গুৱাহাটী, ৩০ ডিচেম্বৰ : ৰাজস্হানৰ জয়পুৰত যোৱা ২৬-২৯ ডিচেম্বৰত অনুষ্ঠিত ১৪ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰোলবল চেম্পিয়নশ্বিপত অসমৰ ল’ৰাৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । কোৱাৰ্টাৰ ফাইনেলত অসমে মধ্যপ্ৰদেশক ৯-৪ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত হয় । কিন্তু অন্তিম চাৰিৰ যুঁজত অসমক ৭-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰে মহাৰাষ্ট্ৰ দলে । তৃতীয় স্থান নিৰ্ণয়ৰ মেচত অসমে উত্তৰ প্ৰদেশক পৰাস্ত কৰে ১০-৫ গ’লৰ ব্যৱধানত । লীগ পৰ্যায়ত অসমে পুনে একাডেমিক ১২-২, ছত্তিশগড়ক ৫-৩, কেৰালাক ৪-৩ আৰু তামিলনাডুক ৪-১ গ’লত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিছিল । ইফালে ছোৱালী শাখাৰ প্ৰথম লীগ মেচত অসম হাৰিয়ানাৰ বিৰুদ্ধে ৫-১ গ’লত জয়লাভ কৰে যদিও ৰাজস্থানৰ বিৰুদ্ধে ১-৬ আৰু গুজৰাটৰ বিৰুদ্ধে ৩-৪ গ’লত পৰাস্ত হৈ গ্ৰুপ পৰ্যায়তে অভিযান সামৰে । এই বাতৰি প্ৰেৰণ কৰিছে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ।

You might also like