Your Voice, Our Strength

ডঃ হাছিনুচ চুলতানৰ কাব্য সংকলন “কাৰ বাবে লিখিছোঁ কবিতা” উন্মোচন।

আজিৰ খবৰ, গুৱাহাটী, ৩১ ডিচেম্বৰ: হোজাই জিলাৰ ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা কবি ডঃ হাছিনুচ চুলতানৰ ৫০টা কবিতাৰ প্ৰথমখন কাব্য সংকলন “কাৰ বাবে লিখিছোঁ কবিতা” আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠানিকভাৱে উন্মোচন হয়। কাব্য সংকলনখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী অনুবাদক বিপুল দেউৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈয়দ আবু বক্কৰ ছিদ্দিকী, কবিদ্বয় মনজিৎ সিং,বিপুল শৰ্মাই। অসম কবি চক্ৰৰ উদ্যোগত আয়োজিত গম্ভীৰ্যপূৰ্ণ এই গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে মেদিৰাজ ৰাজখোৱাই।কাব্য সংকলনখন উন্মোচন কৰি মনজিৎ সিঙে ভাষণ প্ৰসংগত কয়- বৰ্তমান সময়ছোৱা গ্ৰন্থৰ বতৰৰ।অসমৰ বিভিন্ন প্ৰান্তত এই সময়ছোৱাত বহু গ্ৰন্থ উন্মোচন হৈ আছে। তাৰ মাজতে আজি “কাৰ বাবে লিখিছোঁ কবিতা” উন্মোচন হয়।অসমৰ সাহিত্য ভঁৰালত আৰু এখন কাব্য সংকলন সংযোজন হ’ল, সেইখন ডঃ হাছিনুচ চুলতানৰ “কাৰ বাবে লিখিছোঁ কবিতা”।কবিজনৰ সৈতে মোৰ এক নিবিড় সম্বন্ধ আছে। কিয়নো আমি দুয়োজন একেটা পথৰ পথিক।তেওঁ কয় যে কবিতাৰ পাঠকসকলে কবিতাৰ বিষয়বস্তু বুজিবলৈ কিছু চেষ্টা কৰিব লাগে।যিয়ে কবিতাৰ বিষয়বস্তু বুজিবলৈ বা অনুধাৱন কৰিবলৈ চেষ্টা নকৰে তেওঁ কবিতাৰ ভাষা বুজিব নোৱাৰে। কবিতাৰ পাঠক ভিন্ন নহয়, কেৱল পাঠকজনে কবিতা ভাল পাব লাগে আৰু বিষয়বস্তু বুজিবলৈ কিছু চেষ্টা কৰিব লাগে। কবি বুলি নিজকে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ হলে কিছু কষ্ট কৰিব লাগে বুলি উল্লেখ কৰি কয় ডঃ হাছিনুচ চুলতান কেৱল কবিতাৰ বাবে কবি নহওঁক, তেওঁ জনতাৰ কবি হওঁক বুলি কৈ ভাষণ সামৰে। আনহাতে, বিপুল দেউৰীয়ে কয় যে ডঃ হাছিনুচ চুলতান কেৱল এগৰাকী কবিয়ে নহয়, তেওঁ এজন অনুবাদকো। তেওঁৰ প্ৰথমখন কাব্য সংকলন আজি উন্মোচন হৈছে। ইয়াৰ বাবে তেওঁক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যত বহু গ্ৰন্থ প্ৰকাশ হৈ আছে।কিতাপ প্ৰকাশ হলেই নহ’ব, গুণগত ফলৰ পৰাও ভাল হ’ব লাগে।এই অনুষ্ঠানতে ডঃ হাছিনুচ চুলতানে কাব্য সংকলনখনৰ বিষয়ে বৰ্ণনা কৰে।কাব্য সংকলনখন প্ৰকাশ কৰিছে ছাছ পাব্লিশ্বাৰ্ছে।

You might also like