বিশিষ্ট গীতিকাৰ, সুৰকাৰ কেশব নয়নৰ কথা আৰু সুৰ আৰু প্ৰস্তুতি দেৱীৰ কণ্ঠত “বাঁও চকু মোৰ লৰে” শীৰ্ষক গীতটিৰ দৃশ্য শ্ৰব্য মুকলি।
আজিৰ খবৰ, গুৱাহাটী, ২৩ জানুৱাৰী : সংগীত জগতত ভুমুকি মৰা নবাগতা কণ্ঠশিল্পী প্ৰস্তুতি দেৱীৰ কণ্ঠ আৰু বিশিষ্ট গীতিকাৰ আৰু সুৰকাৰ কেশৱ নয়নৰ কথা-সুৰেৰে এটি সুমুধুৰ গীত ‘বাঁও চকু মোৰ লৰে’ ৰ আজি শুভমুক্তি হয়। ভোগালী বিহুৰ মাজতে অসমবাসীৰ ৰাইজলৈ এই সুৱদি সুৰীয়া সুমধুৰ গীতটি কণ্ঠশিল্পীগৰাকীয়ে উপহাৰ দিয়ে। গীতটি আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়ে বিশিষ্ট কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস আৰু মনীষা হাজৰিকাই।
লগতে উপস্থিত থাকে চাজু আহমেদ, মানস হাজৰিকা আৰু সুনয়না। গীতটি মুকলি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।বেলতলাস্থিত হোটেল ৰয়েল দি কাছাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰি কণ্ঠশিল্পী জে পি দাসে কয় যে, গীতটি অতিকে মনোমোহা হৈছে। গীতটিৰ কণ্ঠ হৃদয়স্পৰ্শী।অনাগত দিনটো প্ৰস্তুতি দেৱীয়ে এনে ধৰণৰ গীত অসমবাসী ৰাইজলৈ আগবঢ়াই যাব বুলি আশা কৰিছোঁ। তেওঁলৈ অশেষ শুভ কামনা থাকিল। অসমবাসীয়ে গীতটি আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিলোঁ।একেদৰে মনীষা হাজৰিকাই কয়, গীতটি সুৱলা হৈছে। গীতটিৰ কথা-সুৰ সুন্দৰ। গীতটি অসমবাসীয়ে আদৰি ল’ব। গীতটি সম্পৰ্কে কিছু বক্তব্য ৰাখে কণ্ঠশিল্পী প্ৰস্তুতি দেৱীয়ে।