Your Voice, Our Strength

ফ্লাইবিগে ফ্লীটত এটিআৰ ৭২৫০০ সংযোজন কৰি ইয়াৰ ক্ষমতা বৃদ্ধি কৰিছে এতিয়া সপ্তাহত ৭ দিন উৰিব।

আজিৰ খবৰ, গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : ফ্লাইবিগ, এক যাত্ৰী বিমান সেৱা, ফ্লাইবিগে এটিআৰ ৭২-৫০০ যোগ দি ইয়াৰ ফ্লীট সম্প্ৰসাৰিত কৰিছে। এই সংযোজনৰ সৈতে, ফ্লাইবিগে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰিছে, যাৰ ফলত ই অৰুণাচল, অসম আৰু ত্ৰিপুৰাত সপ্তাহত ৭ দিন কাম কৰিব । ই সপ্তাহত 8 দিন ইয়াৰ বিমান পৰিচালনা কৰি আহিছে, যাৰ ভিতৰত আছে মেট্ৰ’পলিটান চহৰ কলকাতাকে ধৰি ৮ খন চহৰ। এতিয়া ফ্লাইবিগ এয়াৰলাইন সুলভ মূল্যত বিমান ভ্ৰমণ সুবিধাজনক কৰি উত্তৰ-পূবৰ সঘনাই উৰণকাৰীসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে l

আজি ফ্লাইবিগৰ উজ্জ্বল ফুচিয়া লিভাৰী এটিআৰ ৭২-৫০০ বিমানখনে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হায়দৰাবাদৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উৰা মাৰে l ফ্লাইবিগৰ এয়াৰলাইন ৰ বহুতো কাম প্ৰথম বাৰৰ বাবে হৈ আছে। প্ৰথমবাৰৰ বাবে, এয়াৰলাইন এ অনলাইন ট্ৰেভেল এজেণ্ট (GSA) প্লেটফৰ্মৰ (ওটিএ) সৈতে জিএছএ ব্যৱস্থা এটা চুক্তিবদ্ধ কৰিছে। ফ্লাইবিগে জানুৱাৰী ২০২২ত ইজমাইট্ৰিপৰ (EaseMyTrip ) সৈতে ইয়াৰ সহযোগিতাৰ কথা ঘোষণা কৰিছিল l

P&C

শেহতীয়াকৈ ই আইআৰচিটিচিৰ (IRCTC) সৈতে ‘দেখো অপনা দেশ’ৰ অধীনত এক চুক্তি তৈয়াৰ কৰিছে যাৰ দ্বাৰা যাত্ৰীসকলক আইআৰচিটিচি পৰ্টেলৰ পৰা বিমান টিকট বুক কৰাত সহায় কৰা হৈছে। উদান (UDAN) উদ্যোগৰ পৰিধিৰ অধীনত ফ্লাইবিগ আৰম্ভ কৰা হৈছিল। এতিয়া, নতুন এয়াৰলাইন টোক নৱেম্বৰ ২০২১ -ত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে “উদানৰ চেম্পিয়ন” বঁটা প্ৰদান কৰিছে।

নতুন বিমানখন গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত কেপ্টেইন সঞ্জয় মাণ্ডাভিয়া, চিএমডি, তেওঁৰ দলৰ সৈতে এক পূজা অনুষ্ঠান সম্পাদন কৰিছিল l ফ্লাইবিগ ফ্লীটত মসৃণ নতুন এটিআৰ ৭২-৫০০ ক স্বাগতম জনোৱাৰ বাবে ৱাটাৰ কেনন চেলুট (water cannon salute) এটাও কৰা হৈছিল l এই অনুষ্ঠানত কেপ্টেইন সঞ্জয় মাণ্ডাভিয়া ই কয় “ ফ্লাইবিগ ফ্লীটত ৭২-৫০০ নতুন বিমানৰ আগমনে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত আমাৰ বিমান সংযোগ বৃদ্ধি কৰিব। লগতে তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৌন্দৰ্য উপভোগ আৰু ইয়াত পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে আৰু ভাৰতৰ পৰা অধিক সংখ্যক লোকে প্ৰাচীন সৌন্দৰ্য উপভোগ কৰিব বিচাৰে।

তেওঁ লগতে জানিবলৈ দিয়ে যে বৰ্তমান উত্তৰ-পূব- অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ তিনিখন ৰাজ্যত ৭ খন চহৰ ডিব্ৰুগড়, গুৱাহাটী, লীলাবাৰী, ৰূপচি, পাছিঘাট, তেজু আৰু আগৰতলা সামৰি ফ্লাইবিগ বৰ্তমানে পৰিচালনা কৰে l”

 

 

 

You might also like