Your Voice, Our Strength

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ খেলপথাৰত “বিশ্ব শ্ৰৱণ দিবস” উপলক্ষে প্রীতি ফুটবল খেল ।

আজিৰ খবৰ, গুৱাহাটী, ৩ মাৰ্চ : বৃহস্পতিবাৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ খেলপথাৰত চৰকাৰী অয়ুৰ্বেদিক মহাবিদ্যালয় আৰু পূৰ্বোত্তৰ প্ৰতিবন্ধি প্ৰতিষ্ঠানৰ মূক আৰু বধিৰ ছাত্ৰ সকলৰ মাজত “বিশ্ব শ্ৰৱণ দিবস” উপলক্ষে এখন প্রীতি ফুটবল খেল অনুষ্ঠিত হৈ যায়। উক্ত খেল খনত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডা’ ৰমাকান্ত শৰ্মা, পূৰ্বোত্তৰ প্ৰতিবন্ধি প্ৰতিষ্ঠানৰ অধ্যক্ষ জ্যোতি প্ৰসাদ শৰণীয়া, জলসম্পদ বিভাগৰ প্ৰাক্তন অতিৰিক্ত মূখ্য অভিযন্তা অৰুণ দেৱ শৰ্মা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাক্ষ ডা° ধনেশ্বৰ কলিতা উপস্থিত থাকে। উপস্থিত ব্যক্তিসকলে শ্ৰৱন শক্তিৰ গুৰুত্ব তথা ইয়াৰ প্ৰতি ল’বলগীয়া সাৱধানতা আৰু যত্নৰ বিষয়ে ব্যাখ্যা কৰে। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্র বিভাগৰ মূৰব্বী অধ্যাপক ডা’ জ্যোতির্ময় শৰ্মাৰ উদ্যোগত যোৱা দুবছৰে “বিশ্ব শ্ৰৱণ দিৱসত” শ্ৰৱণ শক্তিৰ গুৰুত্ব সম্পৰ্কে প্ৰচাৰ তথা বিশেষভাৱে সক্ষম লোকসকলক মূলসূতিলৈ অনাৰ মহৎ উদ্দেশ্য আগত ৰাখি উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে। উক্ত খেলখনত পূৰ্বোত্তৰ প্ৰতিবাদী প্রতিষ্ঠান ৩-২ গ’লৰ ব্যৱধানত বিজয়ী হ’বলৈ সক্ষম হয়।

P&C
You might also like