Your Voice, Our Strength

এন বি এফ চি ইক’ ফাইনেন্স আৰু অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ উদ্যোগত এমহীয়া মেগা লোণ ৰিষ্টাকচাৰিং মেলা।

আজিৰ খবৰ, গুৱাহাটী, ৩ মাৰ্চ : ঋণগ্ৰহণকাৰী সকলৰ সুবিধার্থে অসমৰ অন্যতম অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান চমুকৈ এন বি এফ চি ইক’ ফাইনেন্স “অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্রিজ লিমিটেড” ৰ উদ্যোগত পহিলা মাৰ্চৰ পৰা পৰা ৩১ মার্চলৈ এমহীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মেগা লোণ ৰিষ্ট্রাকচাৰিং মেলা। এটা বিবৃতিযোগে ইক’ ফাইনেন্সৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে কয় একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত থকা মুখ্য কাৰ্যালয়কে ধৰি অসমৰ বিভিন্ন জিলাত থকা ৩০ টা শাখা কাৰ্যালয়ত এই মেলা আৰম্ভ হৈছে । “ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোণ ৰিষ্ট্রাকচাৰিঙৰ অধীনত আমাৰ ঋণগ্ৰহণকাৰীসকলৰ বাবে আমি এক উত্তম আঁচনি গঠন কৰিছো, য’ত তেওঁলোকে জৰিমনা আৰু শাস্তিমূলক সুতত ৫০% ৰেহাই লাভ কৰিব পাৰিব। একে সময়তে নতুন ঋণৰ সৈতে ঋণৰ ধনৰাশি ৰিষ্ট্রাকচাৰিং কৰাৰ পিচত ঋণগ্রহণকাৰীয়ে ৪% কম সুদৰ হাৰত ঋণ লাভ কৰিব, যিয়ে তেওঁলোকৰ ধন ৰাহি কৰাত সহায় কৰিব । যদিহে কোনোৱে ইচ্ছাকৃতভাৱে আগবাঢ়ি নাহে আৰু গ্ৰহণ কৰা ধনৰাশি সময়ত আদায় নিদিয়ে, তেন্তে এনে ইচ্ছাকৃতভাৱে ধন আদায় নিদিয়া ব্যক্তিৰ বিৰুদ্ধে এন বি এফ চি হিচাপে ইক’ ফাইনেন্সে আইনী ব্যৱস্থা গ্ৰহণ কৰিব । আনহাতে মেলাখন পৰিচালনা কৰিছে ইক’ ফাইনেন্সৰ মুখ্য মহা প্ৰবন্ধক ৰমেন কলিতা আৰু প্ৰাঞ্জল মজুমদাৰে । আনহাতে আজি সন্ধিয়া পৰ্যন্ত তিনিটা দিনত ৩০ টা শাখাত প্ৰায় ১০০ জন গ্ৰাহকে এই লোণ মেলাত ভাগ লোৱা বুলি কুমাৰ গৌৰৱে জানিবলৈ দিছে ।

You might also like