Your Voice, Our Strength

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু পৌৰনিগমৰ মাজত বুজা-বুজিৰ চুক্তি।

উন্নয়নমূলক সভাত আত্ম-সহায়ক গোটে দিব চাহ-জলপান।

আজিৰ খবৰ, গুৱাহাটী, ৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা আত্ম-সহায়ক গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰনিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হয়। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য়ালয়ত অনুষ্ঠিত এই সভাত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত এই চুক্তি মতে এতিয়াৰে পৰা প্ৰশাসনৰ সকলো উন্নয়নমূলক সভাত এই আত্ম-সহায়ক গোটসমূহক তেওঁলোকে নিজে তৈয়াৰ কৰা পাতলীয়া জলপানিৰ যোগান ধৰিবলৈ সুবিধা দিয়া হব।
সভাত নগৰীয়া জীৱিকা প্ৰকল্প, ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান তথা পৌৰনিগমৰ কেইবাটাও আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্য উপস্থিত থাকে। সভাত আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই উপায়ুক্তগৰাকীয়ে মহিলাসকলক আয়ৰ উৎস শক্তিশালী কৰি আত্মনিৰ্ভৰ হ’বলৈ উৎসাহিত কৰে আৰু প্ৰশাসন আৰু পৌৰনিগমৰ এই চুক্তিয়ে মহিলাসকলৰ উন্নয়নৰ পথ ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, সভাত ভাষণ প্ৰদান কৰি পৌৰনিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয় যে দেশৰ ধৰণী জ্ঞান কৰি মহিলাসকলক আগুৱাই যাবলৈ চৰকাৰে সকলো ধৰণৰ পথ মুকলি কৰি দিছে। মহিলাসকলৰ মনত সেই সম্পৰ্কে শুভ বুদ্ধি উদয় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

P&C
You might also like