Your Voice, Our Strength

ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ প্ৰভাৱ : অস্বাভাৱিক হাৰত বাঢ়িছে ৰন্ধন তেলৰ দাম, কিন্তু কিয়,জানক সবিশেষ….

▶️ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ প্ৰভাৱ এতিয়া ৰন্ধন তেলৰ ওপৰতো দেখা গৈছে।অস্বাভাৱিক হাৰত বাঢ়িছে ৰন্ধন তেলৰ দাম৷

 

▶️যোৱা ১০ দিনত ৰিফাইন তেলৰ মূল্য আটাইতকৈ বেছি বৃদ্ধি পাইছে।মূল্য কেৱল বৃদ্ধি হোৱা নাই, বজাৰৰ পৰাও নাইকিয়া হৈ আহিছে ৰন্ধন তেল।

 

P&C

▶️যোৱা কেইদিনমানৰ পৰা ইয়াৰ ষ্টকো হ্ৰাস হৈ আহিছে।যোৱা দুসপ্তাহত, ৰিফাইন তেলৰ মূল্য প্ৰতি লিটাৰত ২০ ৰ পৰা ৩০ টকালৈ বৃদ্ধি হৈছে।

 

▶️ইয়াৰ লগতে দেশী ঘিউৰ পৰা বনস্পতি ঘিউৰ মূল্যও প্ৰতি লিটাৰত ২৫ৰ পৰা ৩০ টকা বৃদ্ধি হোৱা দেখা গৈছে।

 

▶️উল্লেখযোগ্য যে,ভাৰতলৈ ৰিফাইণ্ড তেল আন দেশৰ পৰা আমদানি কৰা হয়।মুঠ ব্যৱহাৰৰ প্ৰায় ৬০ শতাংশ ভাৰতে বিদেশৰ পৰা আমদানি কৰে।

 

▶️পাম তেলৰ বাহিৰে, বাকী থকা বেছিভাগ ৰিফাইণ্ড তেল আৰ্জেণ্টিনা, ব্ৰাজিল আৰু ইউক্ৰেইনৰ পৰা আহে।সূৰ্যমুখী ৰিফাইণ্ড তেলৰ আমদানি অধিক ৰাছিয়া আৰু ইউক্ৰেইনৰ ওপৰত।

 

▶️এতিয়া যুদ্ধৰ বাবে,এই দুয়োখন দেশৰ পৰা আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে।বিশেষজ্ঞসকলৰ মতে, ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধ যদি দীঘলীয়া হয় তেন্তে ৰন্ধন তেলৰ দাম আকাশলংঘী হ’বগৈ পাৰে৷

You might also like