Your Voice, Our Strength

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।

আজিৰ খবৰ, গুৱাহাটী , ৮ মাৰ্চ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ গোটৰ উদ্যোগত আজি গুৱাহাটীৰ হাতীগাঁওস্থিত হেমন্ত বৰুৱা এইছ ই বিদ্যাপীঠত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । প্ৰায় ১৫০ জন এন এছ এছ স্বেচ্ছাসেৱকৰ উপস্থিতিত বিদ্যাপীঠৰ প্ৰধান শিক্ষয়ত্ৰী লতা শইকীয়াৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছ গোটৰ আঁচনি সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে চমু ভাষণত এইবাৰৰ নাৰী দিৱসৰ মূল বাণী ” Gender equality today for a Sustainable tomorrow ” ৰ ওপৰত আলোকপাত কৰি মহিলা সকল আৰ্থ সামাজিক দিশত শক্তিশালী নোহোৱালৈকে সেই সমাজখন শক্তিশালী নহয় বুলি ব্যক্ত কৰে । অনুষ্ঠানত স্বেচ্ছাসেৱকদ্বয় প্ৰিয়া দত্ত আৰু দানিছ আহমেদে মহিলাৰ পৰিস্কাৰ – পৰিচ্ছন্নতাৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত বিদ্যাপীঠৰ ছাত্ৰী সকলৰ মাজত চেনীটেৰী নেপকিন বিতৰণ কৰা হয় ।

You might also like