Your Voice, Our Strength

কামৰূপ (ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত স্বাস্থ্য বিষয়ক বক্তৃতা আৰু শিবিৰ।

“নিজকে নিৰোগী কৰি ৰাখিব পৰাটোও একধৰণৰ দেশপ্ৰেমঃ” ডাঃ জয়ন্তবিশ্ব শৰ্মা।

আজিৰ খবৰ, গুৱাহাটী, ১০ মাৰ্চঃ ” সুস্বাস্থ্যৰ অধিকাৰী হৈ নিৰোগী হিচাপে জীৱনটো অতিবাহিত কৰিব পৰাটোও একধৰণৰ দেশপ্ৰেম বা দেশসেৱা । ” এই মন্তব্য বিশিষ্ট চিকিৎসক, লণ্ডন নিৱাসী প্ৰৱাসী ভাৰতীয় ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ । বুধবাৰে কামৰূপ (ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত স্বাস্থ্য বিষয়ক এক বক্তৃতা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট প্ৰৱাসী চিকিৎসক গৰাকীয়ে । কামৰূপ (ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ’ছাইটি নামৰ অনুষ্ঠানটোৱে । উল্লেখ্য যে সুদুৰ লণ্ডনৰ পৰাই এই অনুষ্ঠানটোৰ গুৰি ধৰি আহিছে ডাঃ জয়ন্তবিশ্ব শৰ্মাই । আজি কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰী সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিষয়া-কৰ্মচাৰী সকলৰ ফালৰ পৰা উল্থাপন কৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন আৰু সমস্যাৰো উত্তৰ দিয়ে চিকিৎসক গৰাকীয়ে । তেওঁ কয় – ” আমি কিছুমান ব্যৱস্থা নিজেই কৰি লব পাৰো । বহুতে কিছুমান সমস্যা সমাধানৰ বাবে কেৱল চৰকাৰখনকে দোষী কৰি থাকিলেও মই তেনেকৈ নাভাবো । আচলতে বহুতে ভবাৰ দৰে সমস্যাসমূহ সমাধান কৰিবলৈ একধৰণৰ চুইছ নাথাকে যে সেইটো টিপা মাৰি দিলেই সমস্যাবোৰ নিমিষতে নোহোৱা হৈ যাব । চৰকাৰখনৰ প্ৰধান দায়িত্ব হ’ল সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক চোৱাচিতা কৰা, গুৰুত্ব দিয়া । আজিকালি চিকিৎসা ব্যৱস্থাটোৱেই অত্যন্ত ব্যয়বহুল । তেনেক্ষেত্ৰত কোনো এজন লোক যদি অন্ততঃ ৭০ বছৰ বয়সলৈ এবাৰো হাস্পতালত ভৰ্তি হবলগীয়া নহয় তেন্তে মই ভাবো তেওঁৰ কমেও ২০ লাখ টকা ৰাহি হয় । গতিকে নিয়মীয়া ব্যায়াম, পৰিমিত খাদ্য আদিৰ জড়িয়তে আমি নিজৰ স্বাস্থ্যটোক নিৰোগী কৰি ৰাখিব পাৰো । ” এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত বিষয়া-কৰ্মচাৰী সকলে প্ৰচণ্ড চাপৰ মাজত থাকিও কাম কৰি থাকিবলগীয়া হোৱা অৱস্থাৰ মাজত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন লব পাৰি সেই বিষয়েও ডাঃ শৰ্মাই বহু মূল্যবান পৰামৰ্শ আগবঢ়ায় । উল্লেখযোগ্য যে আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ’ছাইটি নামৰ এই অনুষ্ঠানটোৱে বিভিন্ন চৰকাৰী কাৰ্যালয়ত এইদৰে বিষয়া-কৰ্মচাৰী সকলৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি আহিছে । আগ্ৰহী সকলে পাঁচশ টকা ভৰ্তি মাচুল আদায় দি এই চ’ছাইটিৰ সদস্যভৰ্তিও হব । সেইসকল সদস্যই চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰিব বিশেষ ৰেহাই । আনহাতে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি কামৰূপ (ম) জিলা পৰিবহন বিষয়া তথা পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে কয়- ” দেহা থাকিলেহে বেহা । স্বাস্থ্য যদি ঠিকে নাথাকে তেন্তে ধন-সোণ, টকা পইচা সকলো অৰ্থহীন । গতিকে আমি সকলোৱে এটা নিৰোগী শৰীৰ লৈ যাতে জীৱনটো পাৰ কৰিব পাৰো তাৰ প্ৰতিহে যত্নপৰ হোৱাটো উচিত । ” তেওঁ ডাঃ জয়ন্তবিশ্ব শৰ্মাক তেওঁ আগবঢ়োৱা মূল্যবান পৰামৰ্শৰ বাবে ধন্যবাদো জ্ঞাপন কৰে ।

You might also like