Your Voice, Our Strength

কাৰাটে চেম্পিয়নশ্বিপ :: কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় অভিমুখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১১ জনীয়া দল।

আজিৰ খবৰ, গুৱাহাটী, ১০ মাৰ্চঃ ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় কাৰাটে (পুৰুষ-মহিলা) চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ১১ জনীয়া দলটো কাইলৈ পুৱাৰ ভাগত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় অভিমুখে ৰাওনা হ’ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে কাবুল দাস আৰু ভাগ্যশ্ৰী শইকীয়াৰ নেতৃত্বত কাইলৈ যাবলগীয়া দলটোত আছে ক্ৰমে চান্দনী জৈন , হিমাংশু চহৰীয়া , ভৃগু চহৰীয়া , ৰাহুল আমিন , চানী শৰ্মা , প্ৰাচুৰ্য গগৈ , চফিকুল ৰহমান , মাছুমা বেগম , নৱজ্যোতি মেচ , ৰজীৰাণী শইকীয়া আৰু জোনমণি দাস । হাৰিয়ানাৰ কুৰুক্ষেত্ৰ অভিমুখে যাত্ৰা কৰিবলগীয়া কাৰাটে দলটোৱে যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰবাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈ , পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু ছাত্র -কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে আন্তৰিক শুভেচ্ছা জনাইছে ।

You might also like