Your Voice, Our Strength

ফেশ্বনলৈ পৰিণত খাদী কাপোৰ

খানাপাৰাত খাদী আৰু থলুৱা সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী মেলা

আজিৰ খবৰ,গুৱাহাটী ,১৩ মাৰ্চ : প্ৰধানমন্ত্ৰী নিয়োগ কাৰ্যক্ৰম(PMEGP)অন্তৰ্গত ৰাজ্যিক পৰ্য্যায়ৰ প্ৰদৰ্শনী তথা বিক্ৰী মেলা।গুৱাহাটী খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংগঠনৰ খেলপথাৰত সপ্তাহ যোৰা কাৰ্যসূচীৰে ১২মাৰ্চ পৰা আৰম্ভ হৈছে এই মেলা।১৮মাৰ্চলৈকে চলিব এই প্ৰদৰ্শনী মেলা।উত্তৰ-পূৰ্বাঞ্চল খাদী গ্ৰামদ্যোগ মহাসংঘ, লালমাটি উদ্যোগত আৰম্ভ হোৱা প্ৰদৰ্শনীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা শিপিনীসকলে প্ৰস্তুত কৰা বিভিন্ন খাদী কাপোৰৰ লগতে অন্যান্য থলুৱা সামগ্ৰী উপলব্ধ হৈছে।প্ৰদৰ্শনী তথা বিক্ৰী মেলাখনত প্ৰায় ১৯খনকৈ বিপনীয়ে অংশ লৈছে।উল্লেখ্য যে প্রধানমন্ত্ৰী নিয়োগ কাৰ্যক্ৰম আঁচনিত সংস্থাপন দিয়া ব্যক্তিসকলক উৎসাহিত কৰে উদ্দেশ্যৰে প্ৰদৰ্শনী আৰু বিক্ৰী মেলাখন আয়োজন কৰা হৈছে।এই কথা জনাই খাদী আৰু গ্রামোদ্যোগ আয়োগৰ উত্তৰ পূৱ শাখা মুখ্য কাৰ্যবাহী বিষয়া ডঃ শুকুমল দেৱে।তেওঁ কয় PMEGPৰ জৰিয়তে ২০২২ ৰ মাৰ্চলৈ ১৯,৫৫২ জনক সংস্থাপন দিয়া হৈছে গুৰুত্বপূৰ্ণ কথা প্ৰদৰ্শনী আৰু বিক্ৰী মেলাখনত অসম খাদী গ্ৰামদ্যোগ বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা আজি উপস্থিত থাকে।খাদীক এতিয়া বহুতেই ফেশ্বন হিচাপে লৈছে।খাদী পিন্ধা মানুহে অন্য কাপোৰ পিন্ধিব নোৱাৰে ।খাদীক জনপ্ৰিয় কৰিবলৈও আহ্বান অধ্যক্ষ গৰাকী।
১৮মার্চলৈ চলিব লগা মেলাখনত ৫০লাখ টকা সামগ্ৰীৰ ব্যৱসায় লক্ষ্য লৈছে উদ্যোগক্তাসকলে।

P&C
You might also like