Your Voice, Our Strength

গুৱাহাটী বিমানকোঠত ২৪/৭ প্ৰিমিয়াছ লাউঞ্জৰ সেৱা।

আজিৰ খবৰ, গুৱাহাটী, ১৩ মাৰ্চ : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত প্ৰস্থান যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, এটা ‘প্ৰাইমাছ লাউঞ্জ’ৰ সেৱা আৰম্ভ কৰা হৈছে। অৱশ্যে এই সেৱা বিনামূলীয়া নহয়। লাউঞ্জটো চিকিউৰিটি হ’ল্ডিং এলেকাৰ, প্ৰথম মহলাৰ ভিতৰত, গেট নম্বৰ ২ ৰ কাষত স্থাপন কৰা হৈছে। দূৰ-দূৰণিলৈ যাত্ৰা কৰিবলৈ বিমানকোঠত আহি উপস্থিত হোৱা যাত্ৰীসকলৰ সুবিধাৰ্থে এই সেৱা অধিক ফলপ্ৰসূ হ’ব। লাউঞ্জত যাত্ৰীসকলক সম্পূৰ্ণ গুৰুত্ব প্ৰদানৰে সেৱা আগবঢ়োৱা হ’ব। সপ্তাহত ৭ দিন আৰু দিনৰ ২৪ ঘন্টাই এই সুবিধা উপলব্ধ হ’ব।লাউঞ্জত বহি বিমানকোঠৰ ৱাই-ফাইৰ সুবিধা লৈ যাত্ৰীসকলে আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় কাম কৰিব পৰাৰ সুবিধাও ইয়াত আছে। বিমানৰ উৰণ অবতৰণ সম্পৰ্কীয় খবৰৰ বাবে লাউঞ্জটোত “ফিডছ” সুবিধাও প্ৰদান কৰা হৈছে। অৱশ্যে লাউঞ্জটোত দেশীয় খাদ্যহে উপলব্ধ হ’ব। লাউঞ্জটোৱে ৮৫ বৰ্গমিটাৰ ঠাই আগুৰি আছে আৰু একেলগে প্ৰায় ২৫ জন যাত্ৰীয়ে বহিব পৰা ব্যবস্থা আছে।

You might also like