Your Voice, Our Strength

গড়লত তিনিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি।

আজিৰ খবৰ, গুৱাহাটী, ১৩ মাৰ্চ : পশ্চিম গুৱাহাটীৰ গড়ল বৰুৱাপাৰা নবীন যুৱক দৌল কমিটিয়ে বিগত বছৰৰ দৰে এইবেলিও অহা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপনৰ আয়োজন কৰিছে । ১৭ মাৰ্চৰ সন্ধিয়া সায়ং অধিবাসৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত ১৮ মাৰ্চৰ পুৱা ৮.৩০ বজাত জলযাত্ৰা , ১০ বজাত ঘট স্থাপন আৰু পূজা আৰম্ভ হব । দুপৰীয়া ১২ বজাত ফল্গুদান , বিয়লি ১ বজাত পূৰ্ণাহুতি আৰু শান্তি , নিশা ৭ বজাৰ বেজেৰা শালমাৰাৰ সীমা কুমাৰৰ দলে নাগাৰা নাম পৰিবেশন কৰিব । ১৯ মাৰ্চ তৃতীয় তথা শেহৰ দিনা পুৱা ৯.৩০ বজাত গোঁসাই লৈ গাঁও সংকীৰ্তন কৰা হব । সন্ধিয়া ৬ বজাত নলবাৰীৰ মা যশদা দলে নাগাৰা নাম পৰিবেশন কৰিব । আনহাতে দৌল উৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰিবলৈ সমাজকর্মী দ্বীপেন কুমাৰ বৰুৱাক সভাপতি , বীৰেন্দ্ৰ কুমাৰ দাসক উপ সভাপতি , মুকুট বৰুৱা আৰু বিশ্ব বৰুৱাক সাধাৰণ সম্পাদক , দিগন্ত শৰ্মা , যতীন্দ্ৰ কুমাৰ মেধি আৰু পবিত্ৰ দাসক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে । উদ্যোক্তা সকলে দৌল উৎসৱৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

You might also like