Your Voice, Our Strength

বিশেষ সক্ষম ব্যক্তিক থেৰাপী প্ৰদান ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ।

আজিৰ খবৰ, গুৱাহাটী, ১৫ মাৰ্চ : ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ ( RTRO) ৰ উদ্যোগত কাহিলিপাৰাৰ ভগদত্তপুৰস্থিত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ ফিল্ডত এদিনীয়া কাৰ্যসূচীৰে আজি শাৰিৰীকভাৱে সক্ষম লোকসকলক লৈ এখনি স্বাস্থ্য সেৱা শিবিৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। এই শিবিৰত শাৰিৰীকভাৱে সক্ষম লোকসকলৰ বাবে স্কিল ডেভেলপমেন্ট, ফিজিঅ থেৰাপী, স্পিচ থেৰাপী, ভোকেশ্বনেল থেৰাপী, অক্যোপেচন থেৰাপী কৰোৱা হয়। এই বেচৰকাৰী সংস্থাটোৰ সম্পাদিকা তথা তত্বাৱধায়িকা মিনাক্ষী চাংমাইৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা এদিনীয়া কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰ, অক্যোপেচন থেৰাপীৰ প্ৰমুখ ডা: সুনীল কুমাৰ ৰাম, চিকিৎসক ডা: এন চি ৰাভা, ৰাউণ্ড টেবুল ক্লাৱৰ প্ৰমুখ প্ৰদীপ গুপ্তা আৰু সমাজ কৰ্মী পূৰৱী দাস উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত কেইটাও বেচৰকাৰী সংগঠনে অংশগ্ৰহণ কৰে। প্ৰায় শতাধিক শাৰিৰীকভাৱে অংশ লোৱা এই কাৰ্যসূচীত

তেওলোকক স্কিল ডেভেলপমেন্ট, ফিজিঅ থেৰাপী, স্পিচ থেৰাপী, ভোকেশ্বনেল থেৰাপী, অক্যোপেচন থেৰাপী কৰোৱা হয়। উল্লেখ্য যে, ২০১৯ৰ ছয় জানুৱাৰীত ৰিহাবাৰীৰ কালিনগৰ কৃষ্ণ মন্দিৰত মুকলি কৰা এই সংস্থাটোৱে বিভিন্ন সময়ত শাৰিৰীকভাৱে সক্ষম লোকসকলক লৈ বহু কাৰ্যসূচী আয়োজন কৰি আহিছে। এই সংস্থাটোৱে ড্ৰীম হোম নামৰ নিজা কেন্দ্ৰত ৰাখি শাৰিৰীকভাৱে সক্ষম লোকসকলক সেৱা শুশ্ৰুষাৰ লগতে শিক্ষা, বিভিন্ন খেল ধেমালিকে ধৰি সকলো দিশত চোৱাচিতা কৰাৰ লগতে সকলো দিশতে আগুৱাই নিছে। চৰকাৰী সাহাৰ্য্য অবিহনে আৰু লায়ঞ্চ ক্লাব, হেঙেৰাবাৰী যুৱ মঞ্চ আৰু ৰাউণ্ড টেবুলৰ সহায় – সহযোগেৰে আৰ্থিক অনাটনৰ মাজতো কেন্দ্ৰটো চলাই নিছে।

P&C

তেওলোকৰ তত্বাৱধানত বৰ্তমান ১৮ৰ উৰ্ধত ১৫ জন শাৰিৰীকভাৱে সক্ষম লোক আছে। ইয়াৰ পূৰ্বে সংস্থাৰ তত্বাৱধানত আছিল ৩১ জন লোক। ইয়াৰে অধিক সংখ্যক লোক সুস্থ হৈ নতুন এক জীৱন লৈ ঘৰলৈ উভটিছে। এই অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ মাজত এক সজাগতামূলক পৰিবেশ অনাৰ চেষ্টা কৰে। অনুষ্ঠানটোৰ জৰিয়তে তেওলোকে অৱগত কৰিব বিচাৰে যে, শাৰিৰীকভাৱে সক্ষম লোক সকলক চিকিৎসা, থেৰাপী দিলে তেওলোক উপকৃত হ ব পাৰে। এই বিষয়ে সমাজৰ বহু লোক অৱগত যদিও, বহু সংখ্যক লোক অৱগত নহয়। সেয়ে অৱগত নোহোৱা সকলৰ বাবে স্কিল ডেভেলপমেন্ট, ফিজিঅ থেৰাপী, স্পিচ থেৰাপী, ভোকেশ্বনেল থেৰাপী, অক্যোপেচন থেৰাপীয়ে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তেওলোকৰ আৰু জীৱনত ডাঙৰ পৰিবৰ্তন আনিব পাৰে। ১০০ শতাংশ নহলেও, ৮০ শতাংশ পৰিৱৰ্তনৰ সম্ভাৱনা থাকে। এই সংস্থাই কৰি অহা এনে মহান পদক্ষেপক বিশেষভাৱে সক্ষম লোকৰ অভিভাৱক সকলৰ লগতে আজি উপস্থিত থকা অতিথি আৰু ৰাইজে সংস্থাটোৰ শলাগ লয়।

You might also like