Your Voice, Our Strength

অধিক তীব্ৰতৰ হৈছে পৰিবহণ বিভাগৰ “অল আউট” অভিযান : বেতকুছি-পানবজাৰ-ৰাণী-পামহীৰ ৰাজপথত ১০০০ৰো অধীক বাহনত তালাচী

১৪খন বাহন জব্দ কৰি ২০০ৰো অধীকৰ বিৰুদ্ধে গোচৰ ৰুজু : শিক্ষা প্ৰতিষ্ঠানকে ধৰি ব্যৱসায়িক বাহনৰ গৰাকী, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থালৈ চূড়ান্ত সকীয়নি ।

আজিৰ খবৰ, গুৱাহাটী, ১৮ মাৰ্চ : যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহন কোনো কাৰণতে যাতে পথত উঠিব নোৱাৰে তাৰবাবে শেহতীয়াকৈ “অল আউট” অভিযান আৰম্ভ কৰি বুধবাৰে অধিক সষ্টম ৰূপত মহানগৰীৰ ৰাজপথত নামিল পৰিবহণ বিভাগৰ বিয়াগোম বিষয়া কৰ্মচাৰীৰ অভিযানকাৰী দল। ৰাতিপুৱাতে বেতকুছিস্থিত পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ উপস্থিতিত যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠকৰ লগতে সহযোগী প্ৰণৱ কলিতা, পংকজ দাস, জোনালী পাটোৱাৰী আৰু মীৰা পাটোৱাৰীসহ বিষয়া-কৰ্মীৰ দলে সৰু বৰ বিভিন্ন বাহনত তালাচী চলায় দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ গুৰুতৰ অপৰাধত ১২খন বাহন জব্দ কৰে ৷ ইফালে ৰাণী আৰু পামহীৰ বৃহৎ অঞ্চলত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস, কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক মোজাম্মিল হুছেইন, পি বি লামাকে ধৰি সহযোগী দলৰ উপস্থিতিত চলোৱা যৌথ তালাচী অভিযানৰ লগতে পানবজাৰ পানী টেংকি অঞ্চলত পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ উপস্থিতিত চলোৱা তালাচীত দুখন বাহন জব্দ কৰে ৷ উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন ঠাইত বুধবাৰে ১০০০ৰো অধীক বাহনত ব্যাপক তালাচী চলাই ২০০ৰো অধীকৰ বিৰুদ্ধে যানবাহন আইনৰ অধীনত গোচৰ ৰুজু কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে অল আউট অভিযান তীব্ৰতৰ কৰি তোলে। ইফালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ দুটা দলে পৃথকে পৃথকে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়িক বাহনৰ গৰাকী, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মানকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ সকলোৰে সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ কঠোৰ সকীয়নি দিয়ে ৷ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে অনাগত দিনত অভিযান অধীক তীব্ৰতৰ হ’ব ৷

P&C
You might also like