Your Voice, Our Strength

খানাপাৰা-বেতকুছি-পামহী-নাৰেঙ্গী-বৰাগাৱত ১২০০ৰো অধীক বাহনত তালাচী কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ

সমগ্ৰ অসমত ২০০কোটিৰ বিপৰীতে গুৱাহাটী মহানগৰীত এতিয়াও ৭০ কোটিৰ যানবাহন কৰ অনাদায় : ২০০ৰো অধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কেইবাখনো স্কুল বাছসহ ৭০খন বাহন জব্দ

আজিৰ খবৰ, গুৱাহাটী, ২৩ মাৰ্চ : বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ উপৰি কঠোৰ সকীয়নি প্ৰদানৰ পিছতো বিলাসী বাহনকে ধৰি বহু ব্যৱসায়িক বাহনে এতিয়াও নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়াকৈ সম্পূৰ্ণ বেআইনীভাৱে ৰাজপথত যানবাহন চলাই থকা কাৰ্যই ৰাজ্যৰ পৰিবহণ বিভাগক কঠোৰৰো কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে ৷ উল্লেখ্য যে, সমগ্ৰ অসমত বিলাসী বাহনকে ধৰি বিভিন্ন ব্যৱসায়িক বাহনে ২০০কোটিৰো অধিক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ থকাৰ বিপৰীতে স্বয়ং গুৱাহাটী মহানগৰীতে এতিয়াও ৭০ কোটিতকৈয়ো অধিক টকাৰ বকেয়া কৰ আদায় দিয়া নাই ৷ শেহতীয়াকৈ এনেকুৱা দায়িত্ব-জ্ঞানহীন বাহনৰ মালিকৰ বিৰুদ্ধে দিনে-ৰাতিয়ে অবিৰাম অভিযানত নামি ইখনৰ পিছত সিখনকৈ বাহন জব্দ কৰি জৰিমণাসহ কৰ আদায় কৰিছে পৰিবহণ বিভাগে । মঙ্গলবাৰে মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাওঁ আদি গুৰুত্বপূৰ্ণ স্থানত অকতৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিয়াগোম অভিযানকাৰী দল ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰৰ লগতে প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠক, গজেন হাজৰিকাকে ধৰি প্ৰবৰ্তক পৰিদৰ্শক আৰু সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ দলসহ বিভাগৰ বিষয়া-কৰ্মী কেইবাটাও ভাগত বিভক্ত হৈ মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেঙ্গী, বৰাগাওঁ আদি বিভিন্ন অঞ্চলৰ ৰাজপথত ১২০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলাই ।

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যান-বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত ধৰা পৰা বিভিন্ন বিসঙ্গতিত ২০০ৰো অধিক বাহনৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত ঠিতাতে গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত কেইবাখনো স্কুল বাছসহ ৭০খনৰো অধিক বাহন জব্দ কৰে। ৰাজপথত কৰ অনাদায়কাৰী বাহনৰ বিৰুদ্ধে চলোৱা বিৰামহীন অভিযান সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এখন দুৰ্ঘটনামুক্ত অসমৰ বাবে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ বিভাগক দিয়া নিৰ্দেশনাত বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বিৰামহীনভাৱে যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়া কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযানত নামিছে। কিয়নো সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ মূল ভেটিটোৱেই হৈছে যানবাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ সকলো কৰ আদায় দি গধুৰ জৰিমণাৰ পৰা হাত সাৰি থকা ৷ সেয়ে ৰাজ্যৰ সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ স্বাৰ্থত কোনো যান-বাহনৰ মালিককে ৰেহাই নিদি প্ৰয়োজনত আৰু অধিক কঠোৰ ব্যবস্থা গ্ৰহন কৰিব বুলিও সকীয়নি দিয়ে পৰিবহণ বিষয়া গৰাকীয়ে।

P&C

You might also like