
ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ ব্যতিক্ৰমী পদক্ষেপ
বিশেষ সক্ষম ব্যক্তিৰ সাংস্কৃতিক পৰিবেশনে মুগ্ধ কৰিলে দৰ্শকক ।
আজিৰ খবৰ, গুৱাহাটী, ২৩ মাৰ্চ ২০২২ : ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ উদ্যোগত দিছপুৰ লাষ্টগেটস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এদিনীয়া কার্যসূচীৰে বিশেষ ভাবে সক্ষম লোক সকলক লৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে । বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক-পৰিক্ৰমা বিষয়া গোৱিন্দ বৈশ্য, এ এছ চি পি চি আৰৰ সদস্য ৰূপ হাজৰিকা, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ডি কে চক্ৰৱতী, প্রিয় বন্ধু অনুষ্ঠানৰ মুখ্য উদ্যোক্তা অৰ্চনা বৰঠাকুৰ আৰু বিশিষ্ট লেখিকা ৰেণুমালা চাংমাইৰ লগতে বহু কেইগৰাকী গণমান্য ব্যক্তি ।

ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ লগতে কেবাটাও বেচৰকাৰী ৰিহেবিটেশ্বন কেন্দ্ৰৰ অৰ্ধ শতাধিক শাৰিৰীকভাৱে সক্ষম লোকসকলে বিভিন্ন সংগীতানুষ্ঠান পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে । এন আই ই পি এম ডি ৰ সহযোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ মূল উদ্দেশ্য বিশেষ ভাৱে সক্ষম লোক সকলক এখন মঞ্চ দিয়া । ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজৰ মুখ্য সম্পাদিকা মিনাক্ষী চাংমাই জানিবলৈ দিয়া মতে এই অনুষ্ঠানত এনে বহু প্রতিভা আছে যি প্ৰতিভাক উলিয়াই অনা আৰু বিশেষ সক্ষম ব্যক্তি সকলক অনুপ্ৰেৰণা দিয়া ।
ইতিমধ্যে এই অনুষ্ঠানে বিগত সময়ত স্বাস্থ্য সেৱা শিবিৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। এই শিবিৰত শাৰিৰীকভাৱে সক্ষম লোকসকলৰ বাবে স্কিল ডেভেলপমেন্ট, ফিজিঅ থেৰাপী, স্পিচ থেৰাপী, ভোকেশ্বনেল থেৰাপী, অক্যোপেচন থেৰাপী আদি অনুষ্ঠিত কৰি আহিছে । ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ এনে ব্যতিক্ৰমী তথা মহান পদক্ষেপক উপস্থিত সকলো দৰ্শকে শলাগ লোৱাৰ লগতে আগলৈও এই সকল ব্যক্তিৰ বাবে অনুপ্ৰেৰণা মূলক কাম কৰি যোৱাৰ বাবে সকলোৱে আহ্বান জনায় ।