Your Voice, Our Strength

সৰ্বভাৰতীয় আন্ত:বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

আজিৰ খবৰ, গুৱাহাটী, ২৬ মাৰ্চ : ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ আন্ত:বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । কুমিটে শাখাত জোনমণি দাসে – ৬৮ কেজিৰ শাখাটোত ব্ৰন্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী পৰ্যায়ত বেংগালোৰত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াতো তেওঁ অংশগ্ৰহণ কৰিব । ২০২২ বৰ্ষত বেংগালোৰৰ জৈন বিশ্ববিদ্যালয়ত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত গুৱাহাটী কমাৰ্চ কলেজৰ চান্দনী জৈনয়েও নিৰ্বাচিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপ জ্যোতি সন্দিকৈ , পণ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰন্জন কুমাৰ কাকতিয়েও দুয়োগৰাকী বিজেতাক অভিনন্দনৰ লগতে ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰে।

You might also like