Your Voice, Our Strength

বেতকুছি- হাতীগাওঁ-কাহিলীপাৰা- জালুকবাৰী-বেলতলা-খানাপাৰাত সহস্ৰাধিক বাহনত তালাচী কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ

১৪৫ ৰো অধিক গোচৰ ৰুজু কৰি স্কুল বাছসহ ৪৫ খন বাহন জব্দ

আজিৰ খবৰ, গুৱাহাটী, ২৭ মাৰ্চ: নিদ্ধাৰিত সময়সীমালৈ মাজত মাত্ৰ চাৰিদিন থকা অৱস্থাতো যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতাৰে ৰাজপথৰ গুৰুত্বপূৰ্ণ স্থানত তালাচী অভিযানত নামি কঠোৰ সকীয়নি প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷ যোৱা দিনবোৰৰ দৰে শনিবাৰেও ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বৃহৎ অভিযানকাৰী দলে বেতকুছি, হাতীগাওঁ, কাহিলীপাৰা, জালুকবাৰী, বেলতলা, খানাপাৰা আদি গুৰুত্বপূৰ্ণ স্থানত তন্নতন্নকৈ তালাচী চলায়।
যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জোনালী পাটোৱাৰী, অজিত দাস জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, বেবীলতা দলে, চাফিকুল আহমেদকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১০০০ ৰো অধিক বাহনত তালাচী চলাই ৷
তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ১৪৫ ৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি স্কুল বাছসহ ব্যক্তিগত আৰু ব্যৱসায়িক ৪৫ৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি দোষমুক্ত মুক্ত হয়।


ইফালে তালাচীৰ সমান্তৰালভাৱে অভিযানকাৰী দলৰ একাংশই কৰ আদায় নিদিয়া বিভিন্ন ব্যৱসায়িক বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মানকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ শীঘ্ৰে কৰ আদায় দিবলৈ চূড়ান্ত সকীয়নি দিয়ে ৷ উল্লেখ্য যে নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায়ৰ বাবে ৰাজ্য চৰকাৰে নিদ্ধাৰণ কৰি দিয়া ৩১ মাৰ্চলৈ মাজত আৰু মাত্ৰ চাৰিটা দিন থকা অৱস্থাটো এতিয়াও বহুতেই কৰ আদায় নিদি গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি আওকাণ কৰাসকলে অনাগত দিনত অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰে পৰিবহণ বিষয়া গৌতম দাসে ৷ সেয়েহে প্ৰতিগৰাকী যানবাহনৰ মালিককে বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি জৰিমনাৰ পৰা হাত সাৰি থাকি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাত সহযোগিতাৰ হাত আগবঢ়াবলৈ পৰিবহণ বিষয়াগৰাকীয়ে আহ্বান জনায়।

P&C

You might also like