Your Voice, Our Strength

বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে

বেতকুছি-ধাৰাপুৰ-আঠগাওঁ -শান্তিপুৰ-কটাহবাৰী-কুমাৰপাৰাৰ বৃহৎ অঞ্চলত ১২০০ বাহনত তন্নতন্নকৈ তালাচীৰে তীব্ৰতৰ “অল ক্লিয়াৰ” অভিযান

আজিৰ খবৰ, গুৱাহাটী, ২৮ মাৰ্চ: যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে সোমবাৰেও যুদ্ধকালীন তৎপৰতাৰে মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত পানীনসৰকা তালাচী চলাই “অলক্লিয়াৰ” অভিযান অধিক তীব্ৰতৰ কৰি তুলিলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷

 

ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ উপৰিও ধাৰাপুৰ, আঠগাওঁ, শান্তিপুৰ, কটাহবাৰী, কুমাৰপাৰা আদি গুৰুত্বপূৰ্ণ অঞ্চলৰ ৰাজপথত জোৰদাৰ তালাচী চলায়।

 

P&C

যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, জোনালী পাটোৱাৰী, বেবীলতা দলে, প্ৰণৱ কলিতা, পংকজ দাস, মীৰা পাটোৱাৰীকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে সোমবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১২০০ৰো অধিক বাহনত তালাচী চলাই ৷

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যানবাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ১১০খনৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি কেইবাখনো বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৩৫খনৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷

 

ইফালে তালাচী অভিযানৰ সমান্তৰালভাৱে বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মীৰ এটা দলে মহানগৰীৰ ফেন্সীবজাৰ, মাছখোৱা, বৰাগাওঁ আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়িক বাহনৰ মালিক, যান-বাহন ব্যৱহাৰকাৰী ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত অতৰ্কিতে উপস্থিত হৈ দীৰ্ঘদিন ধৰি আদায় নিদিয়া যানবাহনৰ কৰ আগন্তুক দুদিনৰ ভিতৰত পৰিশোধ কৰিবলৈ চূড়ান্ত সকীয়নি দিয়ে। অন্যথা যিকোনো মুহূৰ্ততে সন্মুখীন হ’বলগীয়া ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভতো অভিযানকাৰী দলে ইঙ্গিত দিয়ে ৷

ইফালে সমগ্ৰ অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে ৩১ মাৰ্চৰ ভিতৰত সকলো বাহনেই কৰ আদায় দিব লাগিবই, ফাকি-ফুকাৰে কোনোবাই বাচি যাব পাৰিব বুলি ভাৱিলেও সেয়া অসম্ভৱ ৷ প্ৰয়োজনত আগন্তুক ৰঙালী বিহুলৈকে অভিযান চলাই হ’লেও যানবাহনৰ কৰ ফাকি দিয়াসকলক বিচাৰি উলিয়াই কৰ আদায় কৰা হ’ব। কিয়নো যানবাহনৰ কৰ আদায় আৰু নথিপত্ৰ নৱীকৰণৰ লগত ৰাজ্যবাসীৰ সুৰক্ষিত যাতায়তৰ কথা জড়িত হৈ আছে বুলিও পৰিবহণ বিষয়াগৰাকীয়ে মন্তব্য কৰে ৷

You might also like