Your Voice, Our Strength

কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিৱৰ্তন-২০২২

আজিৰ খবৰ, গুৱাহাটী, ৩০ মাৰ্চ : কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মংগলবাৰে দিনজোৰা কাৰ্যসূচীৰে চলিত বৰ্ষৰ আশা অভিৱৰ্তন অনুষ্ঠিত হয়।আশাকৰ্মী সকলে স্বাস্থ্য বিভাগ আৰু সমাজৰ মাজত যোগসূত্ৰ স্থাপন কৰে। মুঠ ৬৭০ গৰাকী আশা কৰ্মীয়ে জিলাখনৰ স্বাস্থ্য খণ্ডত নিষ্ঠাৰে আগবঢ়োৱা কৰ্মৰাজিৰ বাবে তেওঁলোকক আনুষ্ঠানিকভাৱে এই অভিৱৰ্তনত সম্বৰ্ধনা জনোৱা হয়।

 

আশাকৰ্মী সকলৰ একান্ত প্ৰচেষ্টাৰ বাবে জিলাখনত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ লগতে ঘৰুৱা প্ৰসৱ কমি আহিছে বুলি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাসে মন্তব্য আগবঢ়ায়। যিটো দিশ জিলাখনৰ স্বাস্থ্যখণ্ডৰ প্ৰতি ইতিবাচক বুলিও তেওঁ শলাগ লয়।

P&C

আশাকৰ্মী সকলে শেহতীয়াকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ক’ভিড টিকাকৰণৰ ক্ষেত্ৰতো যথেষ্ট অৰিহনা আগবঢ়াইছে। তেওঁলোকৰ কৰ্মৰাজি আৰু অৱদানৰ ভিত্তিত প্ৰতিটো মণ্ডল আৰু খণ্ডৰ পৰা তিনিগৰাকীকৈ মুঠ পোন্ধৰ গৰাকী বিশেষ অৱদান আগবঢোৱা আশাকৰ্মীক অভিৱৰ্তনত একোখনকৈ মানপত্ৰ আৰু পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়।

 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত পৰিয়াল পৰিকল্পনা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা কামৰূপ মহানগৰ জিলাৰ লখৰা ৰাজ্যিক চিকিৎসালয়ৰ দহ গৰাকীকৈ চিকিৎসক, নাৰ্চ আৰু আশাকৰ্মীক এই অভিৱৰ্তনত পুৰস্কৃত কৰা হয়।

 

মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত আশা অভিৱৰ্তনখনত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ প্ৰতিনিধি, পান্ডু এফ. আৰ. ইউৰ উপ অধীক্ষক, ধীৰেণপাৰা এফ. আৰ. ইউৰ উপ অধীক্ষক, জিলাৰ আশাকৰ্মী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

You might also like