৩ এপ্ৰিলত গণেশগুৰিত টীম স্পেছবাৰ্জৰ উদ্যোগত আৰু ক্লিয়াৰ ভিচনৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
আজিৰ খবৰ,গুৱাহাটী,২ এপ্ৰিলঃ মহানগৰীৰ গণেশগুৰি দিছপুৰ ধাবাত অহা ৩ এপ্ৰিলত টীম স্পেছবাৰ্জৰ উদ্যোগত আৰু ক্লিয়াৰ ভিচনৰ সহযোগত এক চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। পুৱা দহ বজাৰ পৰা দিনৰ এক বজালৈ অনুষ্ঠিত হ’ব লগা চকু পৰীক্ষা শিবিৰত অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰিব। উক্ত শিবিৰত চকুৰ বিভিন্ন অসুখত ভোগা ভুক্তভোগীসকলে নিদ্ধাৰিত সময়ত শিবিৰত উপস্থিত থাকি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ টীম স্পেছবাৰ্জ আৰু ক্লিয়াৰ ভিচনৰ পৰা আহ্বান জনাইছে।