Your Voice, Our Strength

গুৱাহাটী বিশ্ববিদ্যালয়ত NSSৰ অনুশীলন কাৰ্যসূচী সম্পন্ন

আজিৰ খবৰ, গুৱাহাটী, ২৪ এপ্রিল : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হি চেমিনাৰ সভাগৃহত ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSS গুৱাহাটী বিশ্ববিদ্যালয় কোষে আয়োজিত কৰে নতুন সদস্যক উদ্দেশ্যি অনুশীলন কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰকল্যান সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে শিক্ষাৰ্থীক উদ্দেশ্য কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ ধনাত্মক ক্ৰমবৰ্ধমান গতি সম্পৰ্কে জনায় আৰু সমাজৰ হৈ সমাজৰ বাবে কিদৰে ওলাই আহিব লাগে,আৰু এটা সৰু সহায়ৰ হাতে , কিদৰে গঢ় দিব পাৰে ধনাত্মক গতি সেই বিষয়ে তেখেতৰ বহু মূলীয়া ভাষণত উল্লেখ কৰে। বিশেষ অতিথি ড৹ হেমন্ত ৰাভা ( Training & Capacity Building Specialist Assam Rural Infrastructure and Agriculture Service Society)ই শিক্ষাৰ্থীক উদ্দেশ্যে জীৱনৰ লক্ষ্য আৰু তাক পাবৰ বাবে ল’ব লগা প্ৰায়োগিক দিশৰ অৱধাৰনা সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰে। সভাৰ আৰম্ভণি হয় NSS লক্ষ্য গীতেৰে।NSS কাৰ্য্যবাহী বিষয়া গুৱাহাটী বিশ্ববিদ্যালয় কোষ ৰ ড৹ ঋতুপৰ্ণ বৰাদেৱে অনুস্ঠানৰ আৰম্ভণি ভাষণ দিয়ে আৰু জীৱনৰ লক্ষ্য আৰু তাক পাবৰ বাবে ল’ব লগা প্ৰায়োগিক দিশৰ অৱধাৰনা সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰে। অনুষ্ঠানটোৰ আঁত ধৰে চুম্পি কলিতাই। শেষত বিশ্ববিদ্যালয় NSS কোষৰ স্বেচ্ছাসেৱক মনিষা ডেকা , বনশ্ৰী কাকতি,জুৱেল আহমেদে তেওঁলোকৰ NSS অভিজ্ঞতা সম্পৰ্কে আৰু 12-18 মাৰ্চত হৈ যোৱা 7 দিনীয়া বিশেষ শিবিৰ সম্পৰ্কেও ন সদস্য খিনিক উৎসাহ যোগাবলৈ নিজৰ চমু বক্তব্যত দাঙি ধৰে। অনুষ্ঠানটিৰ শেষত NSS ৰ সাতদিনীয়া বিশেষ শিবিৰৰ অধীনত আয়োজিত ৰক্তদান শিবিৰত ৰক্ত প্ৰদান কৰা সকলক মানপত্ৰৰে সন্মানিত কৰে ছাত্ৰ কল্যাণ সঞ্চালক মহোদয়ে।

You might also like