Your Voice, Our Strength

২৬ এপ্ৰিলত বেলৰতলত পথ অৱৰোধ : দুৰ্গন্ধৰ সৈতে ৰাইজৰ সহাৱস্থান

বৰাগাঁওৰ ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবী ।

আজিৰ খবৰ, গুৱাহাটী , ২৪ এপ্রিল : দীপৰ বিলৰ সংৰক্ষণ , সংবৰ্ধন আৰু বিলখনক পৰ্যটনৰ আকর্ষণৰ থলীলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা পৰিবেশ কর্মী প্ৰমোদ কলিতা আৰু পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি সনেশ তেৰণৰ নেতৃত্বত ২৩ এপ্ৰিলত এটা ছজনীয়া সজাতি দলে পশ্চিম বৰাগাওঁৰ বেলৰতলত থকা গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে । পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সম্পাদক তৰুণ তালুকদাৰ আৰু কাৰ্যকৰী সভাপতি সুশীল তেৰণে শীঘ্ৰে নীতি বর্হিভূত ভাবে স্থাপন কৰা ডাম্পিং গ্রাউণ্ড বন্ধ কৰিবলৈ দাবী জনায়। উল্লেখ্য যে ২০০৬ চনত পশ্চিম বৰাগাঁৱত পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু পূৰ্বৰ স্থানৰ কিছু নিলগৰ বেলতলত যোৱা আগষ্ট মাহৰ পৰা পৌৰ নিগমে পুনৰ দৈনিক আঠশৰ পৰা এহেজাৰ টন আবর্জনা, মৃত জীৱ-জন্তু আদি পামহী আৰু দীপৰ বিৰ সংলগ্ন এলেকাত পেলাই আহিছে। এই সন্দৰ্ভত ৰাইজে এই কাৰ্যৰ বিৰোধিতা কৰাত পৌৰ নিগম কর্তৃপক্ষই বৈজ্ঞানিক পদ্ধতিৰে আৱৰ্জনা নিষ্কাষণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া আজি পর্যন্ত হৈ নুঠিল। ইপিনে, এই আৱৰ্জনাৰ নুর্গন্ধই বৃহত্তৰ এলেকা ছানি ধৰিছে। এনে অস্বাস্থ্যকৰ পৰিবেশত মানুহৰ লগতে জীৱ জন্তুৰ জীৱনলৈও ভাবুকি আহিছে। আনহাতে প্ৰায় এমাহৰ বিৰতিৰ অন্তত পামহী কাৰ্বিপাৰা ৰাইজৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে অহা ২৬ ,এপ্ৰিলত পশ্চিম বৰাগাওঁৰ বেলৰতলত ডাম্পিং গ্ৰাউণ্ডলৈ আৱৰ্জনা সৰবৰাহ কৰা বাহন সমূহ যাতে আহিব নোৱাৰে তাৰ পৰা পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হব । কাৰ্যসূচীত দীপৰ বিলক প্ৰদূষণমুক্ত আৰু সংৰক্ষণৰ হকে মাত মাতি অহা ২০ টা মান দল সংগঠনে সহযোগিতা কৰিব বুলি প্ৰমোদ কলিতা , সনেশ টেৰণ আৰু সুশীল টেৰণে জানিবলৈ দিছে ।

P&C
You might also like