Your Voice, Our Strength

এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন : সভাপতি হিচাপে বিজন দেৱৰয় আৰু মুনীন্দ্ৰ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত

আজিৰ খবৰ, গুৱাহাটী, ৩০ এপ্ৰিল : উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক কৰ্মচাৰী সকলৰ অগ্ৰণী সংগঠন এন এফ ৰেলৱে এম্প’ল য়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ দ্বি – বাৰ্ষিক অধিবেশনখন ইউনিয়নৰ কাটিহাৰ সংমণ্ডল কমিটিৰ উদ্যোগত কাটিহাৰ ৰেলৱে ইনষ্টিটিউট খেলপথাৰত ২৫ , ২৬ আৰু ২৭ এপ্ৰিলত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় । অধিবেশনত ইউনিয়নৰ পাঁচটা সংমণ্ডল কমিটি আৰু ৫৬ টা শাখাৰ প্ৰায় ৩,৫০০ জন প্ৰতিনিধিয়ে ভাগ লয় । আনহাতে ২৫ এপ্ৰিলত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ইউনিয়নৰ সভাপতি বিজন দেৱৰয়ে । আনহাতে অধিবেশনৰ লগত সংগতি ৰাখি ২৭ এপ্ৰিলত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সভাপতি বিজন দেৱৰয়ে আৰু উপস্থিত সকলোকে আদৰণি জনায় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই । সভাত ৰেলৱেৰ। সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন ” নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ সাধাৰণ সম্পাদক এম ৰাঘনভাইয়া , এন এফ ৰেলৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তা , কাটিহাৰৰ সাংসদ দুলাল চন্দ্ৰ গোস্বামী , বিধায়ক ডঃ চাকিল আহমেদ খানকে ধৰি কেবাজনো ট্ৰেড ইউনিয়ন নেতা উপস্থিত থাকে । আনহাতে অধিবেশনত বিজন দেৱৰয়ক সভাপতি আৰু মুনীন্দ্ৰ শইকীয়াক সাধাৰণ সম্পাদক , ৬ জনক নতুনকৈ সাংগঠনিক সম্পাদক হিচাপে অন্তৰ্ভুক্ত কৰি আগন্তুক দু বছৰীয়া কাৰ্যকালৰ বাবে ইউনিয়নৰ ৩০ জনীয়া কাৰ্যকৰী কমিটিখন গঠন কৰা হয় ।

P&C
You might also like