Your Voice, Our Strength

বিনা টিকটত ৰেলত যাত্ৰা কৰা ৰেলযাত্ৰীৰ পৰা এটা বছৰত ২৩ কোটিতকৈয়ো অধিক টকাৰ জৰিমণা সংগ্রহ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযানকাৰী দলৰ

আজিৰ খবৰ, গুৱাহাটী, ৩০ এপ্রিল : উত্তৰ পূব সীমান্ত ৰেলৱেৰ ( এন এফ আৰ ) অন্তর্গত বিভিন্ন এলেকাত কৰ্তৃপক্ষই টিকটবিহীন ভাবে ৰেলত যাত্ৰা কৰা ৰেলযাত্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে অভিযান চলাই আহিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে বিগত ২০২১ – ২২ বৰ্ষত এন এফ ৰেলৱেৰ অভিযানকাৰী দলে টিকটবিহীনভাৱে যাত্ৰা কৰা আৰু বুক নকৰাকৈ সামগ্ৰী লৈ ভ্ৰমণ কৰা ৪৪৮৩৯২ টা ঘটনা ধৰা পেলায়। ইয়াৰ বিপৰীতে ৰেলৱেই ২৩.৩৬ কোটি টকাৰ জৰিমণা সংগ্ৰহ কৰে । এই ধনৰাশি পূৰ্বৰ ২০২০ – ২১ বিত্তীয় বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত এনেধৰণৰ ঘটনাৰ তুলনাত ৮৪০.৮৩ শতাংশ আৰু উপাৰ্জনৰ দিশত ১০২৮.৫০ শতাংশ অধিক । তেনেদৰে বিগত ২০২১ – ২২ বিত্তীয় বর্ষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে ( আৰ পি এফ ) বিভিন্ন ষ্টেচন আৰু ৰেলত অনুসন্ধান অভিযান চলাই টিকট অবিহনে ৰেলযাত্ৰা কৰা ৫০৭০১ জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। এনেধৰণৰ ঘটনাত ৰেলৱেই ২৫ জন ব্যক্তিক ৰেলৱে আইনৰ বিভিন্ন ধাৰাৰ অধীনত জৰিমণা আৰু দণ্ডিত কৰাৰ লগতে বিৰুদ্ধে ১৬ টা অপৰাধজনিত গোচৰ পঞ্জীয়ন কৰা হয় । উল্লেখযোগ্য যে, ভাৰতীয় ৰেলৱে আইন, ১৯৮৯ ৰ ধাৰা ১৩৭ অনুসাৰে টিকট বিহীন ৰেলভ্ৰমণ, অনুপযুক্ত ৰেলৱে টিকট আৰু বুক নকৰা বয়-বস্তু লৈ কৰা ৰেলভ্ৰমণ জেল অথবা জৰিমণা অথবা উভয়েই হব পৰা এক অপৰাধ ।

You might also like