Your Voice, Our Strength

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত দেৱ কুমাৰ বৰা পৰিচালিত অসমীয়া ছবি “ইন্দ্ৰনীল”

আজিৰ খবৰ, গুৱাহাটী, ৪ মে : দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হৈ অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে অসমীয়া ছবি “ইন্দ্ৰনীল”-এ ৷ দেশ-বিদেশৰ শতাধিক চলচ্চিত্ৰৰ মাজৰ পৰা মহোৎসৱলৈ অসমৰ দেৱ কুমাৰ বৰাৰ চিত্ৰনাট্য আৰু পৰিচালিত “ইন্দ্ৰনীল” মনোনীত হোৱাত ছবিখনৰ শিল্পী-কলাকুশলীকে ধৰি চলচিত্ৰ অনুৰাগী সকল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে। ৰাজ্যৰ চলচ্চিত্ৰ ক্ষেত্ৰৰ ভালেকেইগৰাকী অগ্ৰণী কৰ্মীয়ে ইতিমধ্যে পৰিচালক বৰাক তেওঁৰ এই সফলতাৰ বাবে উষ্ম অভিনন্দন জনাইছে। উল্লেখ্য যে, বৰাৰ “মুক্তি” নামৰ গল্পৰ আধাৰত সম্পূৰ্ণ অসমীয়া গ্ৰাম্য পটভূমিত নিৰ্মীত “ইন্দ্ৰনীল”ত বিধৱা বিবাহকে ধৰি গ্ৰাম্য সমাজৰ নানান বৈচিত্ৰ্যপূৰ্ণ ছবি প্ৰাণ পাই উঠিছে। বৰ্ণালী চৌধুৰী বৰা প্ৰযোজিত ছবিখনৰ মুখ্য ভূমিকাত জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে অভিনয় কৰাৰ বিপৰীতে অনান্য সকলো শিল্পীয়ে নৱাগত বুলি পৰিচালকে সদৰি কৰিছে। অসমীয়া চিনেমা ইন্দ্ৰনীল-এ বিশ্ববাসীৰ মন আকৰ্ষণ কৰাৰ লগতে এক শুভবাৰ্তা কঢ়িয়াই আনক! এয়াই যেন এতিয়া সকলোৰে প্ৰাৰ্থনা।

 

P&C
You might also like