Your Voice, Our Strength

বকেয়াসহ যাৱতীয় কৰ আদায়ৰ বাবে পৰিবহণ বিভাগৰ অভিযান

আজিৰ খবৰ, গুৱাহাটী, ৭ মে : বিগত ২০২১-২২বিত্তীয় বৰ্ষলৈকে বকেয়াসহ যান-বাহনৰ কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযানত নামিছে পৰিবহণ বিভাগ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু জয়সিং ৰংফাৰৰ উপস্থিতিত বিভাগৰ বিষয়া-কৰ্মীৰ এটা দলে এই অভিযান আৰম্ভ কৰে। আজি আৰু কালি অভিযানকাৰী দল মহানগৰীৰ জি এছ ৰোড, গণেশগুৰি, হেঙেৰাবাৰী, ৰুক্মিণী গাওঁ, খানাপাৰা, বশিষ্ঠ, বেলতলা আদি অঞ্চলত ব্যক্তিগত-ব্যৱসায়িক বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি অনাদায়কৃত কৰ শীঘ্ৰে পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷

P&C
You might also like