ৰাষ্ট্ৰীয় লোক জনশক্তি দল, অসম প্ৰদেশ যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিযুক্তি
আজিৰ খবৰ, গুৱাহাটী, ৮ মে : অসমত আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে নিজৰ ৰাজনৈতিক কাৰ্য-কলাপৰ পাতনি মেলাৰ সময়তে, অসমত এইবাৰ ৰাজনৈতিক কুছকাৱাজ আৰম্ভ কৰাৰ লক্ষ্য ৰাষ্ট্ৰীয় লোক জনশক্তি দলৰ। আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় লোক জনশক্তি দলৰ যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে শিৱসাগৰৰ যুৱ নেতা মানস প্ৰতীম কলিতাক। এই কথা ৰাষ্ট্ৰীয় লোক জনশক্তি দলে টুইটাৰত এই কথা প্ৰকাশ কৰে।
Mr Manash is appointed as Assam State youth General Secretary.
Join Rashtriya Lok Jansakthi party Yuva morcha. Become a Leader . pic.twitter.com/QxO5nleGQV— Rashtriya Lok Jansakthi Party Yuva Morcha (@LokJansakthi) May 7, 2022
প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী প্ৰয়াত ৰাম বিলাস পাছোৱানৰ নেতৃত্বত গঠন হোৱা লোক জনশক্তি পাৰ্টি আৰু বৰ্তমানৰ এন ডি এ(NDA)ৰ সহযোগী দল ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিয়েও অসমত প্ৰভাৱ বিস্তাৰ কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰিছে ৰণনীতি।