Your Voice, Our Strength

যুদ্ধকালীন তৎপৰতাৰে জলসম্পদ বিভাগে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত খান্দিলে নলা

দুসপ্তাহৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ত বান পৰিস্থিতিৰ উন্নতি

আজিৰ খবৰ, গুৱাহাটী, ১৭ মে : প্ৰায় দুটা সপ্তাহ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এটা বৃহৎ অংশ কৃত্ৰিম বানৰ কৱলত থকাৰ পাছত আজি অসম চৰকাৰৰ জলসম্পদ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত যুদ্ধকালীন তৎপৰতাৰে নলা খন্দা কাম কৰিছে । ফলত সন্ধিয়াৰ ভাগত কৃত্ৰিম বান পৰিস্থিতিৰ বহুখিনী উন্নতি হোৱা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে এপ্ৰিল মাহৰ পৰা হৈ থকা বৰষুণৰ বাবে চলিত মে মাহৰ প্ৰথম সপ্তাহৰ পৰা কৃত্ৰিম বানৰ কবলত পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এক বৃহৎ অংশ । বিশেষকৈ বিশ্ববিদ্যালয়ৰ পানী ওলাই যোৱা নলাটো আছিল সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত । কিন্ত পথৰ দাঁতিত থকা একাংশ ব্যৱসায়ী আৰু নাগৰিকে নলাটো মাটিৰে পুৰ কৰি বন্ধ কৰি দিয়াত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পানী সমূহ ওলাই যাব নোৱাৰাত ৩ মে’ৰ পৰাই বিশ্ববিদ্যালয়ৰ মাৰ্কেটৰ খেলপথাৰ , অসম আৰ্হিৰ ৮ আৰু ৯ নং ছাত্ৰাবাস , অসম আৰ্হিৰ ১০ নং ছাত্ৰীনিবাস আৰু আৰ চি চি ৫ নং ছাত্ৰীনিবাস কৃত্ৰিম বানত বুৰ যায় । অৱশ্যে বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ বৰুৱা , সহকাৰী কাৰ্যবাহী অভিযন্তা আলাউদ্দীন আলী , উপ অভিযন্তা এছ আৰ ৰহমান , সহকাৰী অভিযন্তা দিলীপ দাসৰ নেতৃত্বত এটা দলে পাম্পিং মেচিনৰ সহায়ত পানী নিষ্কাষণ কৰি আহিছিল । কিন্তু বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত ১৪ মে’ৰ পৰা বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে । আনকি চাৰিটাকৈ আবাসৰ কেবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে সাপ , বেং আদিৰ সৈতে সহাৱস্থান কৰি চলিবলগীয়া হোৱাত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে ছাত্ৰ ছাত্ৰী সকল । আনকি ভুক্তভোগী ছাত্ৰ ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়ককো ঘেৰাও কৰাত উপাচাৰ্যৰ অনুৰোধ মৰ্মে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি বান পৰিস্থিতিৰ বুজ লয় । অৱশেষত মন্ত্ৰী হাজৰিকাৰ নিৰ্দেশ মৰ্মে আজি পুৱাৰে পৰা বৰষুণক নেওচিও জলসম্পদ বিভাগৰ পূব গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান , সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় প্ৰণৱ চেতিয়া আৰু ভাৰত শৰ্মাৰ নেতৃত্বত বিভাগৰ এটা দলে জিলা প্ৰশাসনৰ সহযোগত আৱদ্ধ হৈ থকা পানীভাগ ওলাই দিবৰ বাবে জে চি বিৰে ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত নলা খন্দা কাম আৰম্ভ কৰে । এই কাৰ্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস , গুৱাহাটীৰ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়াৰ নেতৃত্বত আৰক্ষী -প্ৰশাসনৰ এটা দলে সহযোগ কৰে । আনকি প্ৰশাসনৰ দলটোৱে নলা খন্দাৰ বাবে কেবাটাও স্থানত বেদখল উচ্ছেদ কৰিব লগীয়া হয় । জানিব পৰা মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পানীভাগ শৰাইঘাট দলঙৰ সমীপলৈ ব্ৰহ্মপুত্ৰলৈ বোৱাই নি বান সমস্যাটোৰ চিৰস্থায়ী সমাধানৰ বাবে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে জলসম্পদ বিভাগ আৰু বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ এটা দলে অহা দুই এদিনতে যৌথভাবে জৰীপ চলাব ।

P&C
You might also like