Your Voice, Our Strength

ব্ৰহ্মপুত্ৰ ভেলি ইংলিছ একাডেমীৰ উদ্যোগত ৰাণী গনপতিত বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

আজিৰ খবৰ, গুৱাহাটী , ১৮ মে : পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা পাচনীয়াপাৰাস্থিত ব্ৰহ্মপুত্ৰ ভেলি ইংলিছ একাডেমীয়ে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অসম – মেঘালয় সীমান্তৰ ৰানী গণপতি অঞ্চলত ১৫ মে’ত দুখীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত একাডেমীৰ অধ্যক্ষ, ছাত্র, ছাত্রী তথা শিক্ষক – শিক্ষয়ত্ৰী আৰু অভিভাবক সকল উপস্থিত থাকে । ছাত্র, ছাত্রী সকলে গঠন কৰা

সমাজ সেৱা সংঘৰ অধীনৰ জুুনিয়ৰ ৰেডক্ৰছ ভলন্টিয়াৰ স্কাউট আৰু গাইডৰ সদস্য ছাত্র ছাত্ৰী সকলৰ উদ্যোগত বিগত বছৰৰ দৰেই এই বছৰৰো এই কাৰ্যসূচী পালন কৰে বিদ্যালয়খনে। উলেখযোগ্য যে বিগত ১০ বছৰে এই একাডেমীখনে ৰানী গণপতি অঞ্চলত বস্ত্ৰদান আৰু খাদ্য বিতৰণ কৰি আহিছে।

P&C

You might also like