Your Voice, Our Strength

গুৱাহাটীত এন চি চি কেডেটৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী অজয় ভট্টৰ মত বিনিময়

আজিৰ খবৰ, গুৱাহাটী ,২০ মে : দুদিনীয়া ভ্ৰমণসূচীৰে ১৯ মে’ত গুৱাহাটীত আহি উপস্থিত হোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী অজয় ভট্টই আজি পুৱা নাৰেঙ্গী সেনা চাউনী চৌহদৰ ব্ৰহ্মপুত্ৰ হলত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) কেডেট সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয় ।

P&C

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী অজয় ভট্টই এন চি চি কেডেট সকলৰ উজ্বল ভৱিষ্যত কামনা কৰি ভাৰতক বিশ্বগুৰুৰ পৰ্যায়লৈ নিবলৈ হলে এইক্ষেত্ৰত এন চি চি কেডেট সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি সদৰি কৰে ।

মন্ত্ৰী ভট্টই কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজকে এজন এন চি চি কেডেট বুলি সদায় গৌৰৱ কৰি আহিছে । আনকি অসমকে ধৰি উত্তৰ পূবত এন চি চিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সীমান্তৱৰ্তী অঞ্চলত থকা শিক্ষানুষ্ঠান সমূহত এন চি চিক অন্তৰ্ভুক্ত কৰি অহা হৈছে বুলি মন্ত্ৰী অজয় ভট্টই ব্যক্ত কৰে । অনুষ্ঠানত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমসহ উত্তৰ পূবৰ ৰাজ্য কেইখনত এন চি চিৰ শেহতীয়া স্থিতি আদিৰ ওপৰত মন্ত্ৰী ভাটক বাখ্যা দাঙি ধৰে । আনহাতে আৰম্ভণিতে বিহু নৃত্যৰে আদৰণি জনোৱাৰ পাছত মন্ত্ৰী অজয় ভট্টই কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে ।

You might also like