
আমিনগাৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ শিলৰ খহনীয়া
আজিৰ খবৰ ২১ মে
ৰাজ্যত কিছুদিন ধৰি ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বিভিন্ন ঠাইত হৈছে ভূমিস্খলন । আজিও আমিনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চিলা বনাঞ্চলৰ পাহাৰৰ শিল বাগৰি পৰাৰ ফলত যানবাহন চলাচল কিছু পৰিমাণে বাধাপ্ৰাপ্ত হয়। ধাৰাবাহিক ভাৱে হোৱা বৰষুণৰ ফলতে এনেদৰে শিল ৰাষ্ট্ৰীয় ঘাইপথলৈ বাগৰি আহে আৰু গৌৰীপুৰ পৰ্যন্ত কেইবাটাও শিল বিপদজনক অবস্থাত আছে। উল্লেখ্য যে দুবছৰ আগতেও এনেদৰে গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে শিল বাগৰি কেইবাদিনো ঘাইপথটো বন্ধ হৈ আছিল। এতিয়াও এই পথৰ দাঁতিত এখন ফলক লগাই থোৱা হৈছে। এই পথৰ বিপদজনক শিল সমুহ আঁতৰাই পেলোৱাৰ ওপৰত সচেতন ৰাইজে মতপোষন কৰিছে।চিলা বনাঞ্চলৰ অধীনস্থ এই পাহাৰৰ দাঁতিত ব্যপক ভাবে গছ ৰোপণ কৰিলে ভূমি স্খলনো প্ৰতিৰোধ হ’ব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে ।