Your Voice, Our Strength

যান-বাহনৰ কৰ অনাদায়কাৰীলৈ ডিমাণ্ড নটিছ পৰিবহণ বিভাগৰ

আজিৰ খবৰ ,গুৱাহাটী: ২৩ মেঃ যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান অব্যাহত আছে। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত যানবাহন পৰিদৰ্শক দুৰ্গা গগৈকে ধৰি অণু দেউৰী আৰু দীপাঙ্কৰ শৰ্মাৰ দল আজি মহানগৰীৰ বিভিন্ন ঠাইত অভিযানত নামে ৷ অভিযানকাৰী দলটোৱে মহানগৰীৰ নুনমাটি, গীতা মন্দিৰ, মথঘৰীয়া আদি বিভিন্ন অঞ্চলত ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ মালিকৰ ঘৰে ঘৰে উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰদান কৰাৰ লগতে অনাদায়কৃত কৰ সময়মতে পৰিশোধ কৰি এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবলৈ আহ্বান জনায়। সময়মতে কৰ আদায় নিদিলে সন্মুখীন হ’বপৰা সমস্যা সন্দৰ্ভতো অভিযানকাৰী দলটোৱে যান-বাহনৰ মালিকৰ অবগত কৰে ৷

You might also like